
ডিজিটেল ডেস্ক: শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা ১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে ডিজায়াৰ বাহন। যাৰ ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় ৫ জনকৈ ব্যক্তি।
নিহতকেইজনৰ এজনক গটঙাৰ দ্বীপেন বৰা বুলি চিনাক্ত হৈছে যদিও আনকেইজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। বালিপৰাৰ পৰা তেজপুৰ দিশে গৈ আছিল বাহনখন।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বাহন খনত কেইজন লোক আছিল বা আন আহতৰ খবৰ বৰ্তমান পৰ্যন্ত পোৱা হোৱা নাই।