নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি জন্মদিন...

বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা অসমীয়া প্ৰতিদিনৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি জন্মদিন

author-image
Asomiya Pratidin
New Update
নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি জন্মদিন...

ডিজিটেল ডেস্ক: বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা অসমীয়া প্ৰতিদিনৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি জন্মদিন।এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ জন্মদিন উদযাপন কৰাৰ কাৰ্যসূচী হাতত লৈছে একাংশই।

Advertisment

পৰাগ কুমাৰ দাস অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ। দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া এই নিৰ্ভীক সাংবাদিকগৰাকীৰ সৈতে কাৰোবাৰ মত পাৰ্থক্য থাকিব পাৰে। কিন্তু তেওঁৰ ত্যাগ আৰু অৰিহণালৈ কোনেও আঙুলি তুলিব নোৱাৰে।

শ্ৰদ্ধাঞ্জলি, স্মৰণ সভা বা বিভিন্ন ষ্ট্ৰাষ্টে দাসৰ কৰ্মৰাজিক সংৰক্ষিত কৰাৰ চেষ্টা চলাই আহিছে।৮০ দশকতেই পৰাগ কুমাৰ দাসে 'প্ৰান্তিক' আৰু আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল।

১৯৬১চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ দাসে গুৱাহাটীৰ চেনীকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুলত অধ্যয়ন কৰি কটন কলেজিয়েতৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

সৰুৰে পৰা মেধাৱী আছিল পৰাগ কুমাৰ দাস। ১৯৭৭চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তেওঁ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপাছত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে।

দিল্লীৰ ছেইন্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল তেওঁ। তাৰপাছত স্কুল অৱ ইক'নমিকছৰ পৰা স্নাতক ডিগ্ৰী লৈছিল পৰাগ দাসে।

প্ৰথম অৱস্থাত পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল তেওঁ। তাৰপাছত ইউনিট ষ্ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে পৰাগ কুমাৰ দাসে যোগদান কৰাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো তেওঁ ভৰি থৈছিল প্ৰত্যক্ষভাৱে।

সংবাদ ক্ষেত্ৰকে ধৰি আমাৰ সমাজ জীৱনলৈ পৰাগ কুমাৰ দাসৰ অৱদান লেখত লবলগীয়া। সাংবাদিকতাৰ লগতে চাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনিলিপি আদিকে ধৰি কেইবাখনো কিতাপ তেওঁ লিখি থৈ গৈছে। পৰাগ কুমাৰ দাসলৈ তেওঁৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী।

Also Read: বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত ভাৰত

parag kumar das