জৰাসৰ নৈৰ বাঢ়নী পানীত ডুব গ'ল শোণিতপুৰৰ কেইবাটাও অঞ্চল

জৰাসৰ নৈৰ বাঢ়নী পানীত শোণিতপুৰৰ কেইবাটাও অঞ্চল ডুব যোৱাৰ লগতে চৰকাৰী কাৰ্যালয়ো ডুব যায়

author-image
Asomiya Pratidin
New Update
জৰাসৰ নৈৰ বাঢ়নী পানীত ডুব গ'ল শোণিতপুৰৰ কেইবাটাও অঞ্চল

ডিজিটেল সংবাদ, শোণিতপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰতো বাৰিষাৰ দ্বিতীয়টো বানৰ তাণ্ডৱ। শোণিতপুৰৰ বালিপৰাত পুনৰ বানে তাণ্ডৱ চলোৱাত জলমগ্ন হৈ পৰিছে কেইবাটাও অঞ্চল।

অৰুণাচল প্ৰদেশত নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত বৃদ্ধি পোৱা জৰাসৰ নৈৰ জলস্তৰৰ বাবেই বানৰ কবলত পৰিছে উক্ত অঞ্চলৰ ৰাইজ। এই নৈৰ বাঢ়নী পানীয়ে বহুলোকৰ ঘৰ-বাৰী বুৰাই পেলোৱাৰ সমান্তৰালভাবে বালিপৰাৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ও বুৰাই কাম-কাজত ব্যাঘাত জন্মায়।

Also Read: অগপৰ মুখপাত্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব জামুগুৰিহাটৰ সাংবাদিকে

GOVT OF ASSAM