অগপৰ মুখপাত্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব জামুগুৰিহাটৰ সাংবাদিকে

অগপৰ মুখপাত্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব জামুগুৰিহাটৰ সাংবাদিকে

author-image
Asomiya Pratidin
New Update
অগপৰ মুখপাত্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব জামুগুৰিহাটৰ সাংবাদিকে

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ পাৰ্থপ্ৰতীম বৰাই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে জামুগুৰিহাটৰ সাংবাদিকে বাতৰি নকৰে বুলি মন্তব্য কৰাত জাঙুৰ খাই উঠিছে জামুগুৰিহাটৰ সাংবাদিকমহল ৷ পাৰ্থপ্ৰতীম বৰাৰ এনে মন্তব্যৰ বিৰোধীতা কৰি শুকুৰবাৰে জামুগুৰিহাটৰ সাংবাদিকসকলে এক সভা অনুষ্ঠিত কৰি মুখপাত্ৰগৰাকীক তীব্ৰ গৰিহনা দিয়ে ৷

Advertisment

পাৰ্থ প্ৰতীম বৰাই কৰা এনে মন্তব্যৰ বাবে সাংবাদিকসকলৰ ওচৰত ক্ষমা খোজাৰ দাবী তোলে। ক্ষমা নুখুজিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে সাংবাদিকসকলে ৷ উল্লেখ্য যে আজিৰে পৰা কেইটামান দিন পূৰ্বে বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে গুৱাহাটীত সংবাদমেল আয়োজন কৰি জামুগুৰিহাটৰ সাংবাদিকসকলৰ বিৰুদ্ধেও মাত মাতিছিল অগপৰ মুখপাত্ৰগৰাকীয়ে।

Also Read: দীপৰ বিলক কেন্দ্ৰ কৰি গঢ়ি তোলা হ'ব পৰ্যটন ক্ষেত্ৰঃ পীযুষ হাজৰীকা

অসম গণ পৰিষদ