শোণিতপুৰ জিলা সাংবাদিক ঐক্য মঞ্চ গঠন
ডিজিটেল সংবাদ,তেজপুৰ : শোণিতপুৰ জিলাত "শোণিতপুৰ জিলা সাংবাদিক ঐক্য মঞ্চ" গঠন কৰা হয়। শনিবাৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে। এই সভাত উপস্থিত হৈ অসমৰ সাংবাদিকতাৰ জগত সম্পৰ্কে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

উক্ত অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় যে, সাংবাদিকতাৰ ক্ষেত্ৰত নিৰপেক্ষতা লাগিবই। নিৰপেক্ষ সাংবাদিকতা নহ'লে কেতিয়াও সাংবাদিকতা প্ৰকৃত সাংবাদিকতা হ'ব নোৱাৰে। অসমৰ সাংবাদিকতা তিলক হাজৰিকাক বাদ দি হ'ব নোৱাৰে।

সাংবাদিকতা মানুহৰ মাজলৈ নগ'লে মানুহৰ বহু কথাই বাদ পৰি যাব। সাংবাদিকসকলে বুদ্ধিদিপ্ততা আৰু জীৱনবোধেৰে মানবীয়তাৰ পক্ষ লৈ আগবাঢ়িব লাগিব বুলিও মন্তব্য কৰে বিশিষ্ট সাংবাদিক,সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে।
অনুৰাধা শৰ্মা পূজাৰীয়ে আগবঢ়োৱা সাৱলীল ভাষণত বৰ্তমান চচিয়েল মিডিয়াৰ বহু বাতৰিয়েই সমাজত জুই লগাই দিব পাৰে গতিকে টি আৰ পি, চাৰ্কোলেশ্যনৰ কথা আছে বাবেই সাংবাদিকৰ মাজত বিভাজন আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বেছি ভাগ সাংবাদিকৰে সামান্য এটা অস্ত্ৰোপচাৰ কৰিবলৈও পইচা নাথাকে বুলি কৈ সাংবাদিকৰ আৰ্থিক নিৰাপত্তাৰ দিশটোত উদ্বিগ্নতা প্ৰকাশ কৰে।
আনহাতে সাংবাদিকে সাংবাদিকতা কৰিবলৈ অহাৰ আগেই প্ৰথমে জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়। সাংবাদিকৰ ধৈৰ্য্য-বুদ্ধিদিপ্ততা লাগিব, সকলোৰে লগত সাংবাদিকক তুলনা কৰিব নোৱাৰি বুলিও তেওঁ কয়।

'ক'ভিডৰ পিচত বাতৰি কাকত মানুহে নিকিনা হ'ল ৷ কাকত নচলা হ'ল ৷ ৰাজনীতি আৰু পুঁজিবাদে আমাক গ্ৰাস কৰিলে ৷ সেয়ে সাংবাদিকে নিজেই ইজনে সিজনক সহায় কৰক ৷ সাংবাদিকৰ চেতনাবোধে নৱ জাগৰণ আনক ৷ তেহে সমাজ পৰিৱৰ্তন হ'ব ৷' যিমান পাৰে ইতিবাচক বাতিৰ প্ৰকাশ কৰিবলৈও সাংবাদিকসকলক আহ্বান জনায়।
আনহাতে তাহানিৰ সাংবাদিকৰ ছবিখন দাঙি ধৰি তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ কাকত বিলাকে কাকতৰ জড়িয়তে বিপ্লৱ আনিছিল। কাকতৰ জৰিয়তে মানুহক সজাগ কৰাৰ প্ৰয়াস কৰিছিল। এতিয়া সময় বেলেগ হ'ল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে কয়।
তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত মূল সভাখনত সন্মানীয় অতিথিৰূপে অংশ গ্ৰহণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। তেওঁ সাংবাদিকসকলক যোগাত্মক দৃষ্টিভংগীৰে সংবাদ সেৱাত নিয়োজিত হ'বলৈ আহ্বান জনোৱাৰ লগতে জিলাখনৰ কৰ্ম সংস্কৃতি গঢ়ি তোলা আৰু বজাৰ - পথাৰ দখলৰ ক্ষেত্ৰত আমাৰ যুৱক - যুৱতী সকলক অনুপ্ৰাণিত কৰি সংবাদ পৰিৱেশনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
উক্ত সভাত শিক্ষয়িত্ৰী পিঞ্জুমণি শইকীয়াই দুটি গীত পৰিবেশন কৰে। মূল সভাখনত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি তেজপুৰ তথা জিলাখনৰ সাংবাদিকতাৰ ইতিহাস সদৰী কৰাৰ লগতে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ সাংবাদিকসকল একত্ৰিত হোৱাৰ এনে প্ৰয়াসৰ শলাগ লয়।

মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন ছাত্ৰ নেতা ভাৰ্গৱ দাসেও অতিথিৰূপে অংশগ্ৰহণ কৰি আগবঢ়োৱা ভাষণত তেজপুৰ তথা জিলাখনৰে থকা আত্মিক সম্পৰ্কৰ স্মৃতি ৰোমন্থন কৰে। ইয়াৰ আগেয়ে পুৱা শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়াই পতাকা উত্তোলন কৰাৰ পিছত জিলাখনৰ প্ৰয়াত সাংবাদিকসকলৰ স্মৃতি তৰ্পণ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰি প্ৰয়াত সাংবাদিক সকলৰ স্মৃতিচাৰণ কৰে বিশিষ্ট শিক্ষাবিদ, লেখিকা ড০ স্বাধীনতা মহন্তই ।
আনহাতে মূল সভাৰ পূৰ্বে জ্যেষ্ঠ সাংবাদিক আনোৱাৰ আহমেদৰ পৌৰোহিত্যত নিতুমণি বৰা আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক ড০ অশ্বিনী ডেকা পৰ্যবেক্ষক হিচাপে থকা প্ৰতিনিধি সভাই "শোণিতপুৰ জিলা সাংবাদিক ঐক্য মঞ্চ" ৰ প্ৰথমখন পূৰ্ণাংগ সমিতি গঠন কৰে। সভাই আনোৱাৰ আহমেদক সভাপতি, বাৰ্লিন কুমাৰ শইকীয়াক কাৰ্যকৰী সভাপতি, শশীভূষণ শৰ্মা, উত্তম কুমাৰ নাথ আৰু নিৰলা ডেকাক উপসভাপতি, ঋতুপৰ্ণ চক্ৰৱৰ্তী আৰু পংকজ নাথক যুটীয়া সাধাৰণ সম্পাদক আৰু দ্বিপ জ্যোতি শইকীয়া আৰু ৰাজমণি ভূঞাক সম্পাদকৰ লগতে একাংশ আন বিষয়ববীয়াসহ শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰে।