/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/132d3061-a3b2-4024-844a-4bd14040f6dc/AP_FOR_WEB_1.jpg)
সাৱধান বাণী দি ভাগৰিছে DGP ! আঠু কঢ়াই আৰক্ষী বিষয়াক যুৱতীয়ে দিলে চৰ...
ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই অসম আৰক্ষীক। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ বিষয়া, কৰ্মচাৰিলৈ মুকলি পত্ৰ লিখাৰ ২৪ ঘণ্টা নহওতেই তেজপুৰত এগৰাকী আৰক্ষী বিষয়াক যুৱতীয়ে পূৰ্ণ হতীয়া চৰ দিয়াৰ উপৰিও আঠু কঢ়াই ৰখাৰ ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জি পি সিঙে সকলো আৰক্ষীকে খাকীৰ মৰ্যাদা ৰক্ষা কৰিবলৈ মুকলি আহ্বান জনোৱাৰ ঠিক কেইটামান ঘণ্টাৰ পিছতে তেজপুৰৰ ৰাজপথত এগৰাকী যুৱতীয়ে উপ-পৰিদৰ্শক লুহিত ৰাজবংশীক খাকী পৰিধান কৰি থকাৰ সময়তে পূৰ্ণ হতীয়া চৰ সোধালে। কেৱল সেয়াই নহয় ৰাজপথৰ মাজতে আঠু কাঢ়ি ক্ষমা বিচাৰিবলৈও বাধ্য কৰিলে।
অভিযোগ অনুসৰি উপ-পৰিদৰ্শক লুহিত ৰাজবংশীয়ে যুৱতীগৰাকীক মোবাইলৰ জৰিয়তে অশ্লীল ফটো বিচাৰিছিল। এই লৈ ক্ষুন্ন হৈ আছিল যুৱতীগৰাকী। বিগত কিছুদিনৰ পৰা যুৱতীগৰাকী আছিল এছ আই লুহিত ৰাজবংশীৰ সন্ধানত।
আজি তেজপুৰত লুহিত ৰাজবংশীক লগ পোৱাৰ লগে লগে ৰাজপথতে পূৰ্ণ হতীয়া চৰ সোধালে। ইয়াৰ পিছতে স্থানীয় লোকে আহি ঘটনাস্থলীত ভিৰ কৰে। ঘটনা বিষম দেখি এছ আই লুহিত ৰাজবংশীয়ে তেওঁৰ কৃতকৰ্মৰ বাবে আঠু কাঢ়ি ক্ষমা বিচাৰিবলৈ বাধ্য হয়।
উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানকে নাৰীক সন্মান আৰু মৰ্যাদা দিবলৈ আহ্বান জনাই আহিছে। আৰক্ষী দেখিলে নাৰী, শিশু, দুৰ্ৱল শ্ৰেণীৰ লোকে যাতে সুৰক্ষিত অনুভৱ কৰে তাৰ বাবে সকলোকে সংযম হ'বলৈ কঠোৰ নিৰ্দেশ দি আহিছে।
কিন্তু তাৰ পাছতো একাংশ আৰক্ষী বিষয়াই নিজৰ ক্ষমতাৰ বলত গুৰু গোঁসাই নামানি ধাৰাবাহিক ভাৱে এনে অপকৰ্মত লিপ্ত হৈছে। এনে আৰক্ষী বিষয়া, জোৱানক লৈ জি পি সিঙে অসম আৰক্ষীত কিদৰে সংস্কাৰ আনিব বা আৰক্ষীক দেখিলে মহিলা, যুৱতীয়ে কিদৰে সুৰক্ষিত অনুভৱ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
নাৰীৰ শ্লীলতা হানীৰ দৰে ঘটনা ব্যাপক হাৰত আৰক্ষীয়েই সংঘটিত কৰি অহাত এতিয়া আৰক্ষীক দেখিলে মহিলা, যুৱতীয়ে সুৰক্ষিত অনুভৱ কৰা দূৰৰে কথা অসুৰক্ষিতহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। সেয়ে এছ আই লুহিত ৰাজবংশীৰ ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধানজনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।
Also Read: ভূটানে এৰি দিয়া কুৰিশ্বু বান্ধৰ পানীয়ে নামনিত চলাইছে সংহাৰ...