/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/970fcfd6-7baf-4a91-8775-95a99d5d8a14/AP_FOR_WEB_pratibedon_1.jpg)
ভূটানে এৰি দিয়া কুৰিশ্বু বান্ধৰ পানীয়ে নামনিত চলাইছে সংহাৰ...
ৰাজ্যত পুনৰ জটিল ৰূপ ধাৰণ কৰিলে বান পানীয়ে। এইবাৰ মূলতঃ নামনি অসমত বানে ল'লে সংহাৰ ৰূপ। ভূটানে এৰি দিয়া কুৰিশ্বু বান্ধৰ পানীয়ে কি ক্ষতি কৰিছে এতিয়ালৈকে? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।
প্ৰায় প্ৰতিবছৰেই এইধৰণে ভূটানে এৰি দিয়া বান্ধৰ পানীয়ে নামনি অসমত ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। ১৩ জুলাই ২০২৩ ত ভূটানৰ চৰকাৰে অসম চৰকাৰক জনাইছিল যে, দেশখনৰ নদীবান্ধ প্ৰকল্পৰ পৰা এৰি দিব পানী। নিশা ১২ বজাত সেই অনুসৰি এৰি দিয়া হৈছিল ভূটানৰ কুৰিশ্বু বান্ধৰ পানী।
সেই পানীয়ে নিমিষৰ ভিতৰতে সংহাৰ ৰূপ ধাৰণ কৰিলে। এই বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বাক্সা আৰু চিৰাং জিলা। ইয়াৰ উপৰিও নামনি অসমৰ বজালী আৰু নলবাৰী, বৰপেটা জিলাটো ইয়াৰ প্ৰভাৱ পৰিছে।
বানৰ প্ৰচণ্ড ঢলে উটুৱাই নিছে বিলেসী বাহন, এন এইছ পি চিৰ টাৱাৰ, দলং আদি। উল্লেখযোগ্য যে, দুই তিনিদিন ভূটানত ধাৰাষাৰ বৰষুণ হ'লেই নামনি অসমত বানে তাণ্ডৱ ৰূপ লয়। ভূটান চৰকাৰৰ পৰা সতৰ্কবাণী লাভ কৰাৰ পিছতেই নিশাৰ ভিতৰতে হাই এলাৰ্ট জাৰি কৰি ৫ খন গাঁৱৰ লোকক স্থানান্তৰিত কৰা হৈছিল।
চিৰাং জিলাত হোৱা বানে ১৩ জুলাইৰ পুৱাই এন এইছ পি চিৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী টাৱাৰ এটা ভাঙি পেলাইছিল। ভূটান পাহাৰৰ পৰা নামি অহা নিজলা নৈৰ বাহনী পানীয়ে যথেষ্ট ক্ষয়, ক্ষতি কৰিছে।
বাক্সা জিলাৰ শলবাৰী মহকুমাটো বহু কেইখন গাওঁ বানে প্লাৱিত কৰি পেলাইছে। অৱশ্যে ১৩ জুলাইৰ সন্ধিয়াই জিলাখনৰ উদালগুৰি, বালিপুৰ, নায়ানগুৰি, এলেঙামাৰি, চূণমাৰি আদি গাওঁ প্ৰশাসনে খালী কৰিছে।
কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্প সুৰক্ষিত কৰাৰ বাবে ভূটানে এইদৰে অতিৰিক্ত পানী মুকলি কৰি দিয়ে। সেই পানীয়ে ইতিমধ্যে মানাস ৰাষ্ট্ৰীয় উদ্যাণৰ কিছু অংশ প্লাৱিত কৰিছে। পূৰ্বৰ বছৰবোৰৰ তুলনাত এইবাৰ ভূটানত বৰষুণৰ পৰিমাণৰ যথেষ্ট বৃদ্ধি পাইছে।
সেয়েহে কুৰিশ্বু বান্ধৰ দায়িত্বত থকা দ্ৰোক গ্ৰীণ পাৱাৰ কৰ্পোৰেচনে এইদৰে অতিৰিক্ত পানী এৰি দিবলগীয়া হোৱা বুলি সদৰি কৰিছে। অসম চৰকাৰৰ তথ্য অনুসৰি ১৯ টা ৰাজহ চক্ৰৰ ১৭৯ খন গাওঁ প্লাৱিত হৈছে। বানত প্ৰায় ২২১১.৯৯ হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
উল্লেখযোগ্য যে, কুৰিশ্বু হ'ল পূৱ ভূটানৰ এখন ডাঙৰ নৈ। ভূটানৰ মুংগৰ জিলাত অৱস্থিত এই নৈখন। এই নদীৰ ওপৰতে নিৰ্মাণ কৰা আছে ৬০ মেগাৱট বিদ্যুৎ উৎপাদনৰ ক্ষমতা থকা জলবিদ্যুৎ প্ৰকল্প।
ইয়াৰ কংক্ৰিত বান্ধৰ উচ্চতা ৫৫ মিটাৰ। এই বান্ধৰ পৰা পানী এৰিলে মানাহ আৰু বেকী নদীয়েদি সেই অতিৰিক্ত পানী ওলাই আহে। বানত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাইমুঠি গাঁৱৰ সংযোগী পথত থকা চামপুৰ নৈৰ কাঠৰ দলঙখনৰ বিস্তৰ ক্ষতি সাধন হৈছে।
ইতিমধ্যে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। চিৰাং জিলাৰ টাকলাই, লালাই, নাঙলভাঙ্গা আদিটো বানে ২৯ খন গাওঁ প্লাৱিত কৰিছে। বিজনী ৰাজহ চক্ৰৰ অধীনত ২০ খন গাওঁ প্লাৱিত হৈছে বানত।
Also Read: 'চন্দ্ৰযান-৩' ত ব্যস্ত অসমীয়া বিজ্ঞানীজন...