লজ্জাজনক কাণ্ডঃ বিশ্বনাথত ডাইনীৰ সন্দেহত বহুকেইজনক অকথ্য নিৰ্যাতন...

সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে বিশ্বনাথত । ডাইনীৰ সন্দেহত চাৰি জন লোকক অকথ্য শাৰীৰিক নিৰ্যাতন গঞাঁৰ
অভিযুক্ত
অভিযুক্ত

ডিজিটেল সংবাদ, বিশ্বনাথঃ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে বিশ্বনাথত । ডাইনীৰ সন্দেহত চাৰি জন লোকক অকথ্য শাৰীৰিক নিৰ্যাতন গঞাঁৰ । আৰক্ষীৰ তৎপৰতাত চাৰিগৰাকী লোকৰ জীৱন ৰক্ষা পৰে ৷

একবিংশ শতিকাতো অন্ধ বিশ্বাসৰ গ্ৰাসত বিশ্বনাথৰ দুখন গাঁও । বিশ্বনাথত দুখন গাঁৱৰ ৰাইজে অন্ধ বিশ্বাসৰ কবলত পৰিছে । এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ অন্থাইবাৰী আৰু দিচাবাৰীত ।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ এই গাওঁ দুখনত সংঘটিত হৈ আছিল বিভিন্ন বেমাৰ আজাৰ । গাঁও দুখনৰ একাংশ শিশুয়ে কৰি আহিছিল অস্বাভাৱিক আচৰণ । এই ক্ষেত্ৰত গাঁওবাসীয়ে সন্দেহ কৰিছিল যে গাঁওখনত কোনোবাই অপশক্তি পুহি আছে যাৰ বাবে এনে আচৰণ কৰি আহিছে শিশু সকলে ।

ইয়াৰ পিছতে অন্থাইবাৰীত থকা কালি মন্দিৰৰ পূজাৰী অঞ্জলী স্বৰ্গীয়াৰীৰ শৰণাপন্ন হয় গাঁওবাসী। অঞ্জলী স্বৰ্গীয়াৰীয়ে চোৱাচিতা কৰি গাঁওখনৰ চাৰিজন ব্যক্তিৰ কাৰণেই শিশু সকলে এনে আচৰণ কৰি আহিছে বুলি মন্তব্য কৰে ।

আনকি পূজাৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে এই লোক কেইজনক ধৰি বান্ধি মাৰপিত কৰিলেই সকলো কথা ওলাই পৰিব ।

লগে লগে পুজাৰী অঞ্জলী স্বৰ্গীয়াৰীৰ নিৰ্দেশ মানি এগৰাকী মহিলাসহ উক্ত চাৰিজন লোকে ডাইনী পোহাৰ সন্দেহ কৰি লোক কেইজনক ধৰি বান্ধি শাৰিৰীক নিৰ্যাতন চলাই । গাঁওবাসীয়ে আনকি প্ৰহাৰ কৰি লেবেজান কৰি পেলাই এগৰাকী মহিলাসহ লোক কেইজনক ।

ঘটনাৰ বিষয়ে জানিব পাৰি বালিচাং আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ মহিলাসহ লোক কেইজনক গাঁওবাসীৰ নিৰ্যাতনৰ পৰা উদ্ধাৰ কৰাৰ লগতে পূজাৰী অঞ্জলী স্বৰ্গীয়াৰী সহ মুঠ ৮ জন লোকক গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে দিপেন স্বৰ্গীয়াৰী, বুধিৰাম বসুমতাৰী, শুকুৰ বসুমতাৰী, ৰাজীৱ বসুমতাৰী, বলোৰাম বসুমতাৰী, শিৱ বড়ো আৰু বিজয় নাৰ্জাৰী ।

ডাইনীৰ সন্দেহত চাৰিজনকৈ লোকক শাৰীৰিক নিৰ্যাতন চলোৱা আটাইকেইজন অভিযুক্তক বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৪৯/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি ১২০(বি)/৪৪৭/৩২৬/৩২৫/৩০৭/ আৰু আৰ/ডব্লিও ১৪(১)/৯ ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

অভিযুক্ত
ইমান বেছি গৰম ! এইবাৰ ব'হাগক দহিছে প্ৰখৰ ৰ'দে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in