/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1f139eaf-69a6-41b1-9280-dd229b1683f7/259.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ চতাইত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ চতাই গাঁৱত প্ৰায় ৫৮ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী ১৩বছৰীয়া কিশোৰী।
জানিব পৰামতে শনিবাৰে সন্ধিয়া গুল বাহাৰ মাৰাক নামৰ লম্পটজনে কিশোৰীগৰাকীক টকাৰ প্ৰলোভন দেখুৱাই কু-কৰ্ম সংঘটিত কৰে। উক্ত দিনা গাঁৱত পূজা চলি থকাৰ সুযোগ লৈ একেখন গাঁৱৰে ১৩ বছৰীয়া এগৰাকী কিশোৰীক টকা দিয়াৰ প্ৰলোভন দি পাহাৰৰ দাঁতিৰ নিৰ্জন ঠাইলৈ নি ধৰ্ষণ কৰে বুলি জানিব পৰা গৈছে।
কন্যাক বিছাৰি ঘৰৰ মানুহে হাহাকাৰ কৰি থকাৰ পিছতে পাহাৰৰ দাঁতিত গাঁৱৰ ৰাইজে বৃদ্ধসহ কিশোৰী গৰাকীকক উদ্ধাৰ কৰে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
ইয়াৰ পিছতে চাৰিদুৱাৰ আৰক্ষীয়ে 194/23 U/S 376 IPC & R/W Sec 4 of POCSO Act ৰ অধীনত গোচৰ ৰুজু কৰি লম্পট গুল বাহাদুৰ মাৰাকক আটক কৰে। উল্লেখ্য যে এই জঘণ্য ঘটনাৰ লগত জড়িত থকা লোকক উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু শোণিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই।
Also Read: সুদূৰ ইংলেণ্ডত গুৰুজনাৰ একশৰণ নাম-ধৰ্মক জীয়াই ৰখাৰ প্ৰয়াস
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us