অৱশেষত হাতত ৰুমালৰ পৰিৱৰ্তে হেণ্ডকাফ পিন্ধি দৰা আহিল আৰক্ষীৰ গাড়ীত...

১২ বছৰে প্ৰেম কৰি জোৰাণৰ দিনাই দৰা অন্তৰ্ধানৰ এক ঘটনা সংঘটিত হৈছিল চতিয়াত । এই ঘটনাই ৰাজ্যজুৰি সকলোকে হতবাক কৰি তুলিছিল । কিয়নো ১২ বছৰীয়া প্ৰেমৰ সম্পৰ্ক কাৰো বাবেই মুখৰ কথা নহয় ।

author-image
Asomiya Pratidin
New Update
অৱশেষত হাতত ৰুমালৰ পৰিৱৰ্তে হেণ্ডকাফ পিন্ধি দৰা আহিল আৰক্ষীৰ গাড়ীত...

ডিজিটেল সংবাদ, চতিয়াঃ ১২ বছৰে প্ৰেম কৰি জোৰাণৰ দিনাই দৰা অন্তৰ্ধানৰ এক ঘটনা সংঘটিত হৈছিল চতিয়াত । এই ঘটনাই ৰাজ্যজুৰি সকলোকে হতবাক কৰি তুলিছিল । কিয়নো ১২ বছৰীয়া প্ৰেমৰ সম্পৰ্ক কাৰো বাবেই মুখৰ কথা নহয় ।

Advertisment

জোৰোণৰ আগদিনা গহনা আনিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল চতিয়াৰ শ'লাল গাঁৱৰ দৰা নয়নমনি শইকীয়া। দৰা ঘৰীয়া জোৰোন দিবলৈ নহাৰ বাবেই চতিয়া থানা পালেহি কইনা ঘৰৰ মানুহ ৷ দিছিল দৰা বিৰুদ্ধে এজাহাৰ ।

কন্য়াঘৰৰ এজাহাৰ ভিত্তিতেই আৰক্ষীয়ে নিৰুদ্দেশ দৰাৰ সন্ধানত নামি পৰে । অৱশেষত নিৰুদ্দেশ হৈ থকা দৰাজন আহিল যদিও বৰৰ ৰূপত নহয় । আচামী হিচাপেহে আহিল। হাতত ৰুমালৰ পৰিৱৰ্তে পিন্ধিৱ লগা হ'ল হেণ্ডকাফ। তাকো আৰক্ষীৰ গাড়ীত আৰক্ষী থানালৈ।

পলায়ন কৰি থকা নয়নমনিক বৃহস্পতিবাৰে গুৱাহাটীত আটক কৰে আৰক্ষীয়ে । শুকুৰবাৰে চতিয়া আৰক্ষীয়ে বিশ্বনাথ সদৰ থানালৈ আনে নয়নমনিক ।

বিয়লি ভাগত ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাই দৰা নয়নমনি শইকীয়াক। ইফালে চতিয়া ৰেল ষ্টেচনৰ পৰা চতিয়া আৰক্ষীয় উদ্ধাৰ কৰিছে পলায়ন কৰাৰ সময়ত নয়নমনিয়ে ব্যৱহাৰ কৰা বাইকখন।

আৰক্ষীয়ে প্ৰদান কৰা ভাষ্য অনুসৰি ধনৰ অভাৱতে পলায়ন কৰিছিল চতিয়াৰ দৰা নয়নমনি শইকীয়াই ।

Also Read: লামডিঙত ড্ৰাগছসহ দুজন যুৱক আটক...

#missinggroom chatia weding cancel