/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a0e2faff-0e35-4fe2-b9b8-0cc52463109b/young.jpg)
আটকাধীন যুৱক
ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । লামডিঙত ড্ৰাগছসহ হাতে-লোটে দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ।
আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লামডিং সমাজবাড়ী অঞ্চলৰ ৰেল লাইনৰ সম্মুখত চলাইছিল অভিযান। আটকাধীন যুৱক দুজনৰ হৈছে পৰীক্ষিত পাল আৰু সমীৰ দেৱ ৷
যুৱক দুজন লামডিং ৰিফোজী কলনিৰ বাসিন্দা বুলি জানিব পৰা গৈছে । লামডিং আৰক্ষী জানিব দিয়া মতে যুৱক দুজনে বহু দিন ধৰি লামডিঙৰ বিভিন্ন অঞ্চলত ড্ৰগছ ব্যৱসায় কৰি আহিছিল ।
লামডিং আৰক্ষীয়ে যুৱক দুইজনৰ পৰা প্ৰায় ৪৩.০৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । যাৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকাৰো অধিক বুলি জানিব দিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1d5ccac0-5d83-4da7-9f0d-ee816e04bbfc/682357bb_57c8_4bbd_af0f_26cc0ca52bd3.jpg)
Also Read: জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ফেচবুক পোষ্ট দি জিলা সভাপতিৰ দায়িত্ব হেৰুৱালে হেমন্ত বৰ্মনে...