বিশ্বনাথ ঘাটত একে সময়তে ৩ খন জাহাজ ৰখাব পৰাকে ফ্ল'টিং জেটী নিৰ্মাণৰ পৰিকল্পনা...

বিশ্বনাথ ঘাটত একে সময়তে ৩ খন জাহাজ ৰখাব পৰাকে ফ্ল'টিং জেটী নিৰ্মাণৰ পৰিকল্পনা...
বিশ্বনাথ ঘাটত একে সময়তে ৩ খন জাহাজ ৰখাব পৰাকে ফ্ল'টিং জেটী নিৰ্মাণৰ পৰিকল্পনা...

ডিজিটেল ডেস্কঃ "বিশ্বনাথ ঘাটত ফ্লাটিং জেটী নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে পৰিকল্পনা হাতত হৈছে। ইয়াৰ যোগেদি কাৰ্গ' আৰু যাত্ৰী পৰিবহণৰ দিশটো অধিক ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে। এই জেটীৰ যোগেদি একে সময়তে তিনিখন জাহাজ ৰখোৱাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলশ্ৰুতিত থলুৱা সামগ্ৰীৰ ৰপ্তানিৰ দিশটোৱেও গতিশীলতা লাভ কৰিব আৰু অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ'ব।"- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বনাথত আজি এই গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

সৰ্বানন্দ সোণোৱালে আজি বিশ্বনাথ আৰু তেজপুৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত মিলিত হয়। বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব'ৰ্ড আৰু নির্বাচনী সমিতিত স্থানপ্রাপ্ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী প্রতিনিধি সৰ্বানন্দ সোণোৱালক কাৰ্যকৰ্তাসকলে অভূতপূর্ব আদৰণি জনায় আৰু উষ্ম সম্বৰ্ধনা তথা সাদৰ-সম্ভাষণ জ্ঞাপনকৰে।

বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তাসকলৰ আন্তৰিকতাপূৰ্ণ সাদৰ সম্ভাষণ গ্ৰহণ কৰি তেখেতে আনন্দ প্ৰকাশ কৰে। তেখেতে কাৰ্যকৰ্তাসকলৰ সৈতে বাৰ্তালাপ কৰি দলীয় কাম-কাজৰ স্থিতিৰ বুজ লয় আৰু সেৱা তথা সমৰ্পণৰ মনোভাবেৰে দলৰ সাংগঠনিক শক্তি সুদৃঢ় কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত একাগ্ৰতাৰে কাম কৰি যাবলৈ উৎসাহী কার্যকৰ্তাসকলক আহ্বান জনায়।

সোণোৱালে আজি কয়, "ভাৰতীয় জনতা পাৰ্টিয়ে জন্মলগ্নৰপৰাই ৰাষ্ট্ৰভক্তিৰ জৰিয়তে ৰাষ্ট্ৰৰ সৰ্বাংগীণ উত্তৰণৰ হকে সমৰ্পিতভাৱে কাম কৰি আহিছে। দলীয় কাৰ্যকৰ্তাসকলৰ একনিষ্ঠ সেৱা আৰু সৰ্বস্তৰৰ ৰাইজৰ অকুণ্ঠ সঁহাৰিৰ বাবেই বিজেপি এতিয়া বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে।

মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ভাৰতক উন্নয়নৰ এক নৱ শিখৰত উপনীত কৰাৰ ফলশ্ৰুতিত দিনকদিনে বিজেপিৰ গ্ৰহণযোগ্যতা আৰু জনপ্রিয়তা বৃদ্ধি পাইছে। আমাৰ সৌভাগ্য যে, আমি মোডী ডাঙৰীয়াৰ দৰে এগৰাকী বিশ্বনেতাৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছোঁ।

২০১৪ চনৰ পূৰ্বে আমাৰ দেশখন দুৰ্নীতি, ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত সম্পূৰ্ণৰূপে নিমজ্জিত আছিল, যাৰ ফলত দেশৰ প্ৰগতিৰ দিশটো গৌণ হৈ পৰিছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো পূৰ্বৰ চৰকাৰৰ অৱহেলাৰ বাবেই অশান্তি, সন্ত্রাসবাদ, যুৱপ্ৰজন্মৰ মাজত হতাশা, দুর্নীতি শিপাই গৈছিল। সেয়া আছিল অসম তথা উত্তৰ-পূব ভাৰতৰ বাবে অন্ধকাৰ যুগ।

সেই অন্ধকাৰ যুগৰ অৱসান ঘটিল মোডী ডাঙৰীয়াই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ লোৱাৰ পাছতেই। ২০১৪ বৰ্ষৰপৰা আজিলৈ, মোডী ডাঙৰীয়াই দেশৰ উন্নয়নক এনে এক উচ্চ স্তৰলৈ লৈ গ'ল, যাক দেশবাসীয়ে কল্পনাই কৰা নাছিল।

তেখেতে উত্তৰ- পূৰ্বাঞ্চলৰ বাবেও গ্ৰহণ কৰিলে এক্ট ইষ্ট প'লিচী, সমগ্র অঞ্চলটোক গণ্য কৰিলে দেশৰ অষ্টলক্ষ্মী হিচাপে। মোডী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তিৰ পৰিৱেশৰ সূচনা হোৱাৰ লগতে উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি হৈছে।

এতিয়া সঘনাই প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীসকল উত্তৰ-পূৰ্বাঞ্চললৈ অহাৰ ফলত সমগ্ৰ দেশৰ পটভূমিতে এই অঞ্চলটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। মোডী ডাঙৰীয়াই 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' আৰু 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' নীতিৰে সকলো জাতি-জনগোষ্ঠীৰ আৰু সৰ্বস্তৰৰ লোকৰে সর্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিছে।

তেখেতে প্ৰকৃতাৰ্থতে সুশাসনৰ নিদৰ্শন দাঙি ধৰিছে। মোডী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ সমীহ, নিৰৱচ্ছিন্ন মনোযোগ আৰু অপৰিসীম গুৰুত্ব আদায় কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব পোৱাটোও ভাৰতৰ আন এক গুৰুত্বপূৰ্ণ সফলতা।

অসমকে ধৰি দেশজুৰি ২০০ খনতকৈও অধিক জি-২০ৰ বৈঠক অনুষ্ঠিত হ'ব। ২০৪৭ চনৰ ভিতৰত অৰ্থাৎ আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতবৰ্ষক মোডী ডাঙৰীয়াই আত্মনিৰ্ভৰ তথা বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। এই দিশত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক অগ্রণী ভূমিকা পালন কৰিবলৈ ম‍ই আন্তৰিকতাৰে আহ্বান জনালোঁ।"

তদুপৰি সোণোৱালে কয়, "ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি শেষত- এই ভাবনাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই কাম কৰি যাব লাগিব। আজি আমি মন্ত্রী, সাংসদ, বিধায়ক আদি হোৱাৰ মূলতে আছে কার্যকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱা আৰু জনগণৰ অফুৰন্ত মৰম-আশীৰ্বাদ। এই সহায়- সহযোগিতা, মৰম-আশীৰ্বাদ আমাৰ সদায়েই কাম্য, যাতে উৎসর্গিত মনোভাবেৰে দেশমাতৃৰ সেৱা কৰি যাব পাৰোঁ।"

বিশ্বনাথৰ অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে বিধায়কসকল- ৰঞ্জিত দত্ত, প্রমোদ বৰঠাকুৰ, উৎপল বৰা, জিলা সভাপতি পংকজ বৰা, বিজেপি অসম প্ৰদেশৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ, ৰাজ্যিক সমিতিৰ সম্পাদক বিকুল ডেকা প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল। আনহাতে তেজপুৰৰ সভাত উপস্থিত থাকে বৰচলাৰ বিধায়ক গণেশ লিম্বু, শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাস ওৰাং প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in