/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7708ddf3-a120-42dd-b1c5-e5cd20262a35/bbc_21.jpg)
প্ৰধানমন্ত্ৰী মোডীক সমালোচনাৰে নিৰ্মিত বিবিচিৰ তথ্যচিত্ৰ ভাৰতত নিষিদ্ধ
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনাৰে বি বি চিয়ে তৈয়াৰ কৰা তথ্য চিত্ৰত ভাৰত চৰকাৰৰ নিষেধাজ্ঞা। প্ৰধানমন্ত্ৰী মোডীক সমালোচনাৰে তৈয়াৰ কৰা বি বি চিৰ এই তথ্য চিত্ৰৰ অংশ শ্বেয়াৰ কৰা টুইটসমূহ ডিলিট কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে।
তথ্য চিত্ৰখনৰ ইউটিউব লিংক যিসমূহ টুইটাৰ হেণ্ডেলৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে সেই টুইটবোৰ ব্লক কৰি দিয়া হৈছে। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা।
সূত্ৰ অনুসৰি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বি বি চিৰ তথ্যচিত্ৰখনৰ প্ৰথম খণ্ডৰ ইউটিউবত শ্বেয়াৰ কৰা সকলো ভিডিঅ' ব্লক কৰাৰ নিৰ্দেশ দিছে। টুইটাৰক বি বি চিৰ তথ্যচিত্ৰ "ইণ্ডিয়া: দ্য মোডী কোৱেশ্যন"ৰ এটা ইউটিউব ভিডিঅ'ৰ লিংক থকা ৫০ টাতকৈও অধিক টুইট ব্লক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
শুকুৰবাৰে তথ্য আৰু সম্প্ৰচাৰ সচিবে তথ্য প্ৰযুক্তি নিয়ম, ২০২১-ৰ অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি এই নিৰ্দেশনা জাৰি কৰিছিল। সেই অনুসৰিয়েই ইউটিউব আৰু টুইটাৰে এই নিৰ্দেশনাবোৰ পালন কৰিছে।
তথ্যচিত্ৰখন ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বি বি চিৰ তথ্যচিত্ৰখনকৰ সন্দৰ্ভত মন্তব্য কৰি কৈছে যে, বিবিচিয়ে তথ্যচিত্ৰখন ভাৰতত মুকলি কৰা নাছিল। একাংশ ইউটিউব চেনেলে এই তথ্য চিত্ৰখন আপলোড কৰিছে। ভাৰত বিৰোধী কাৰ্যসূচীৰ বাবেই এই তথ্যচিত্ৰখন প্ৰচাৰৰ বাবে আপলোড কৰা হৈছে যেন লাগিছে বুলিও মন্তব্য কৰিছে।
নিৰ্ভৰযোগ্য সূত্ৰই নিশ্চিত কৰিছে যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়কে ধৰি গৃহ আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে তথ্যচিত্ৰখন পৰীক্ষা কৰিছিল আৰু দেখিছিল যে ছবিখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপবাদ দিয়াৰ এক প্ৰয়াস কৰিছে। ইয়াৰোপৰি তথ্যচিত্ৰখনে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা হ্ৰাস কৰিব আৰু দেশৰ ভিতৰত ৰাজহুৱা শৃংখলাৰ লগতে বিদেশী দেশৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব বুলিও ধাৰণা কৰা হৈছে।
ক্লিক কৰি পঢ়কঃ শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ...