ইটাখোলাত ৬৪সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহ

ইটাখোলাত ৬৪সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহ

ডিজিটেল সংবাদ,জামুগুৰিহাট : নদুৱাৰৰ ইটাখোলাত বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হয় ৬৪সংখ্যক ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহ ৷ বিভিন্ন জাতি জনগোষ্ঠী ও বিভিন্ন ধৰ্ম্মালম্বী লোকৰ অংশগ্ৰহণেৰ আয়োজিত এই ৰঙালী বিহু সমাৰোহৰ জৰিয়তে বৃহত্তৰ ইটাখোলা অঞ্চলটো সমন্বয়ৰ তীৰ্থভূমিত পৰিণত হয় ৷

ৰঙালী বিহু উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ খেল-ধেমালিৰ লগতে জিকিৰ,গোৰ্খা নৃত্য,বড়ো নৃত্য,মিচিং নৃত্য আৰু বিহু গীত নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি অনুষ্ঠিত হয় ভেশচন প্ৰতিযোগিতা ৷

বিয়লি অনুষ্ঠিত মূল সভাত বহু কেইগৰাকী লেখক, সাহিত্যিক,সাংবাদিকৰ লগতে বৰ্ষীয়ান সমাজকৰ্মীক ফুলাম গামোচা,জাপিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰি মানপত্ৰ প্ৰদান কৰা হয় ৷ ইয়াৰ পিছতে আয়োজিত বঁটা বিতৰনী অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্তসকলৰ মাজত উদযাপন সমিতিৰ তৰফৰ পৰা বঁটাসমূহ বিতৰন কৰা হয় ৷

৬৪সংখ্যক ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই। সন্ধিয়া আয়োজিত বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়া শুভ উদ্ধোন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক হাজৰিকাই ৷

ইটাখোলাত ৬৪সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহ
গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in