গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো...

গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো...

author-image
Asomiya Pratidin
New Update
গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো...

ডিজিটেল সংবাদ, ৰঙিয়া : ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । ৰঙিয়াৰ গড়কাত নিজ বাসগৃহত দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্তত অসুস্থ হৈ পৰা প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীক শুকুৰবাৰে স্বস্তি হাস্পতালত ভৰ্তি কৰায়।

Advertisment

কেইবাদিন ধৰি খাদ্যগ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাত হাস্পতালত ভৰ্তি কৰোৱাত দেহৰ বিভিন্ন অংশত পানী জমা হোৱাৰ কথা চিকিৎসকে জানিবলৈ দিয়ে । উল্লেখ্য যে থানেশ্বৰ বড়ো ৰাজ্য চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ৩ বাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল ।

প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সম্প্ৰতি স্বস্তি হাস্পতালৰ আই চি ইউ বিভাগত চিকিৎসাধীন হৈ আছে। ইফালে ৰঙিয়াবাসীয়ে প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে ।

Also Read: ছাউথ পইণ্ট স্কুল, নেহৰু ষ্টেডিয়াম আৰু চিটি চেণ্টাৰ মলৰ পৰা অফলাইনযোগে সংগ্ৰহ কৰিব পাৰিব টিকট

rangia health Education Minister minister thaneswar boro hospital