পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পলাশৰ...

পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পলাশৰ...
পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পলাশৰ...

ডিজিটেল ডেস্কঃ নিশা ঢেকিয়াজুলীৰ কেহেৰুখন্দাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত নিহত হৈছে কাৱৈমাৰীৰ বামুনপুখুৰী গাঁৱৰ এজন যুৱক।

ঘটনাৰ বিৱৰণ অনুসৰি মঙ্গলবাৰে নিশা প্ৰায় ১০-৩০ বজাত তেজপুৰৰ পৰা ঢেকিয়াজুলী অভিমুখে এখ ছুইফ্ট ডিজায়াৰ (এ এছ ০১ ই কিউ৫৩৫৪) বাহনেৰে গৈ আছিল কাৱৈমাৰীৰ তিনিজন যুৱক। ছুইফ্ট ডিজায়াৰ বাহখনত গৰাকী সুমনৰ উপৰিও আছিল কাৱৈমাৰীৰে আন দুজন যুৱক।

তেনে সময়তে কেহেৰুখন্দাত এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে বাহনখনে। ফলত বাহনখনৰ সন্মুখৰ আসনত বহি থকা পলাশ কোচ নামৰ যুৱকজন। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দীৰ্ঘসময় ধৰি বাহনখনত আবদ্ধ হৈ থাকিব লগীয়া হোৱাৰ বাবেই পলাশৰ মৃত্যু হোৱা বুলি স্থানীয় লোকৰ ভাষ্যত প্ৰকাশ।

ইফালে চালকৰ আসনত থকা সুমন নাথেও কিছু পৰিমাণে আঘাত পাইছে। আঘাতপ্ৰাপ্ত সুমন পৰৱৰ্তী সময়ত তেজপুৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈছিলগৈ যদিও বৰ্তমান সময়ত সুমন আৰু বাহনখনত থকা আন এজন যুৱক সন্ধাহীন হৈ আছে বুলিও স্থানীয় লোকে জানিবলৈ দিছে।

ইফালে পলাশ কোচৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। নেগাৰা আৰু ঢোল বাদনত পাৰ্গত পলাশে শৈশৱৰ পৰাই দিহানাম, বিহু আদিৰ সৈতে জড়িত হৈ আহিছিল। স্থানীয় কিশোৰ-কিশোৰী তথা যুৱকৰ মাজত অতি পৰিচিত যুৱকজনৰ এইদৰে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পলাশৰ...
ৰাজ্যত গুণোৎসৱৰ ভেঁকোভাওনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in