ৰাজ্যত গুণোৎসৱৰ ভেঁকোভাওনা...

অসমীয়া মাধ্যমৰ শিক্ষকক বাংলা-বড়ো-হিন্দী মাধ্যমৰ বিদ্যালয়ৰ নিৰীক্ষকৰ দায়িত্ব
ৰাজ্যত গুণোৎসৱৰ ভেঁকোভাওনা...

ডিজিটেল ডেস্ক : লাখ লাখ কণ কণ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলি গুণোৎসৱক লৈ আজৱ কাণ্ড সংঘটিত কৰিছে শিক্ষা বিভাগে । বিদ্যালয়সমূহৰ প্ৰকৃত মান নিৰূপণৰ নামত শিক্ষকসকলক নিজৰ বিদ্যালয়ৰ পৰিৱৰ্তে অন্য শিক্ষানুষ্ঠানত নিৰীক্ষণৰ দায়িত্ব দিবলৈ গৈ শিক্ষা বিভাগে আশ্ৰয় লৈছে হঠকাৰিতাৰ ।

প্ৰতিটো ক্লাষ্টাৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষকক সাল-সলনি কৰি নিৰীক্ষকৰ দায়িত্ব দিবলৈ গৈ চূড়ান্ত বেমেজালিৰহে সৃষ্টি কৰিছে শিক্ষা বিভাগে । কিয়নো অসমীয়া মাধ্যমৰ শিক্ষকক গুণোৎসৱৰ নিৰীক্ষকৰ দায়িত্ব দিয়া হৈছে হিন্দী, বাংলা অথবা বড়ো মাধ্যমৰ । এখোজ আগুৱাই গৈ দৃষ্টিহীন বিদ্যালয়ৰ নিৰীক্ষকৰ দায়িত্ব দিয়া হৈছে সাধাৰণ শিক্ষাৰ্থীয়ে অধ্যয়ণ কৰা বিদ্যালয়ৰ শিক্ষকক । ফলত বিবুধিত পৰিছে শিক্ষাৰ্থী আৰু শিক্ষক সকল । কিয়নো দৃষ্টিহীন পৰীক্ষাৰ্থীৰ ব্ৰেইলী লিপিত লিখা বহী স্ৱাভাৱিকতে ধৰিব নোৱাৰে এগৰাকী সাধাৰণ বিদ্যালয়ৰ শিক্ষকে ।

শিক্ষাৰ্থীৰ শৈক্ষিক মানদণ্ড নিৰ্ণয় কৰিবলৈ অনুষ্ঠিত কৰা গুণোৎসৱ এতিয়া একাংশ কাণ্ডজ্ঞানহীন বিষয়াৰ বাবে এক ফ্লপ শ্ব'ত পৰিণত হৈছে । এনে বেমেজালিয়ে এতিয়া স্বাভাৱিকতেই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in