চকীঘাট দলঙৰ সমীপত পথ দুৰ্ঘটনাঃ দুই বাইক আৰোহীৰ অৱস্থা সংকটজনক...

আৰক্ষীৰ চেকপোষ্ট খুন্দা তীব্ৰ বেগী কে টি এম বাইকৰ

author-image
Asomiya Pratidin
New Update
চকীঘাট দলঙৰ সমীপত পথ দুৰ্ঘটনাঃ দুই বাইক আৰোহীৰ অৱস্থা সংকটজনক...

চকীঘাট দলঙৰ সমীপত পথ দুৰ্ঘটনাঃ দুই বাইক আৰোহীৰ অৱস্থা সংকটজনক...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ চকীঘাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চকীঘাট দলংৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত থকা পুলিচ চেকপোষ্টত তীব্ৰ গতিত যোৱা এখন বাইকৰ খুন্দা।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী। দুৰ্ঘটনাগ্ৰস্ত কে টি এম বাইকখনৰ নম্বৰ AS-06- V -3694। দুৰ্ঘটনাৰ পাছতে আহত দুই যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ।

জানিব পৰা মত দুয়োকে ভৰ্তি কৰোৱা হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। আহত দুই বাইক আৰোহী ক্ৰমে ৰোহন চেত্ৰী আৰু পংকজ থাপা ৷

Also Read: কোকৰাঝাৰত NDA ৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় মুকলি...

পথ দুৰ্ঘটনা জামুগুৰিহাট