কোকৰাঝাৰত NDA ৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় মুকলি...

জয়ন্ত বসুমতাৰী বিপুল ভোটত জিকিব : প্ৰমোদ বড়ো

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত NDA ৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় মুকলি...

কোকৰাঝাৰত NDA ৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় মুকলি...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ বডোফা নগৰত আজি আনুষ্ঠানিকভাৱে ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে এন ডি এৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় মুকলি কৰা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেন্দ্ৰীয় নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানত বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে ৰঞ্জিত দাস, উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, অগপৰ একাংশ নেতৃবৰ্গ উপস্থিতি থাকে। অতি হৰ্ষোল্লাস পৰিৱেশত ৰঙাফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এৰ কেন্দ্ৰীয় নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়।

Advertisment

ইপিনে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি প্ৰমোদ বড়োৱে কয় যে, নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ ৰাইজ অংগীকাৰ হৈছে। বি টি আৰৰ জনতাই শান্তি সম্প্ৰীতি উন্নয়নৰ বাবেই ভোট দিব। সেই সূত্ৰে কোকৰাঝাৰ লোকসভাৰ এন ডি এৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সৈতে কাৰো প্ৰতিদ্বন্দিতাই নহ'ব আৰু বিপুল ভোটত জিকিব।

সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয়- বি পি এফ শক্তিশালী থকাৰ সময়তে বি পি এফৰ শক্তিশালী প্ৰাৰ্থী লোকসভা নিৰ্বাচনত হাৰিছে। বি পি এফে এতিয়া যিগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে তেওঁ বি টি চিৰ পৰিষদীয় নিৰ্বাচনতে হাৰিছে। গতিকে স্পষ্টভাৱে ক'ব পাৰি যে, জয়ন্ত বসুমতাৰী জয়ী হৈ সংসদত বলিষ্ট ভূমিকা ল'ব।

আনহাতে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, কোকৰাঝাৰ লোকসভাত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও আজি কোকৰাঝাৰত ইউ পি পি এল অগপ বিজেপিয়ে উমৈহতীয়াভাৱে নিৰ্বাচনী কাৰ্যালয় আগতিয়াকৈ মুকলি কৰিছে। ৰাইজে ত্ৰিপল ইঞ্জিনৰ চৰকাৰকে ভোট দিব আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব বুলি মন্তব্য কৰিছে।

এইবেলি আমাৰ কাৰ্যকৰ্তাই প্ৰতি ঘৰে ঘৰে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ নমস্কাৰ দিব আৰু চৰকাৰী আঁচনিৰ বিষয়ে বুজ ল'ব। যদিহে কিবা আঁচনি পোৱা নাই সেয়া লিপিবদ্ধ কৰা হ'ব । আমি সেৱাৰ বাবে ক্ষমতালৈ আহিছো, শাসনৰ বাবে ক্ষমতাত অহা নাই বুলি মন্তব্য কৰি এন ডি এৰ বিজয় সুনিশ্চিত বুলি দাবী কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে ।

উল্লেখ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এৰ কেন্দ্ৰীয় নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, বি টি চিৰ কেবাগৰাকী কাৰ্যবাহী সদস্য, বিজেপি-অগপ-ইউপিপিএলৰ নেতা-কৰ্মী সমৰ্থকসকল উপস্থিত আছিল।

Also Read: আকৌ বিতৰ্কত বডোলেণ্ড বিশ্ববিদ্যালয়ঃ সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাত...

কোকৰাঝাৰ এন ডি এ লোকসভা নিৰ্বাচন