চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

ডিজিটেল সংবাদ,জামুগুৰিহাট : হোলীৰ আনন্দ-উল্লাসৰ মাজতে মঙলবাৰে সন্ধিয়া চতিয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰনৈ দলংৰ সমীপত এখন মালবাহী ট্ৰাক (AS-01-DC-2257) আৰু এখন পালছাৰ বাইক (AS-12-AG-5485)ৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পালছাৰ বাইকত অহা দুজন আৰোহী। দুয়োকে সংকটজনক অৱস্থাত বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও এজনৰ মৃত্যু হয় ৷

উক্ত দুৰ্ঘটনাত নিহত লোকজন বিশ্বনাথৰ গোৱালতলিৰ হাবিজুৰ ইছলাম (১৫) বুলি জানিব পৰা গৈছে ৷ ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ট্ৰাকখন লৈ চালকে পলায়ন কৰিছিল যদিও চতিয়া আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালকক আটক কৰিবলৈ সক্ষম হয় ৷

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন
চাপৰৰ ৰঙামাটিত সংঘটিত নৃশংস হত্যাকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in