তেল কঢ়িওৱা টেংকাৰৰ পৰা তেল চুৰিৰ ঘটনা

আৰক্ষীৰ নিৰ্বাচনী ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ ঢালিগাঁৱত বুধবাৰে দিনৰ পোহৰতে তেল কঢ়িওৱা টেংকাৰৰ পৰা তেল চুৰিৰ ঘটনা সংঘটিত হয় ।

author-image
Asomiya Pratidin
New Update
তেল কঢ়িওৱা টেংকাৰৰ পৰা তেল চুৰিৰ ঘটনা

ডিজিটেল সংবাদ,চিৰাংঃ আৰক্ষীৰ নিৰ্বাচনী ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ ঢালিগাঁৱত বুধবাৰে দিনৰ পোহৰতে তেল কঢ়িওৱা টেংকাৰৰ পৰা তেল চুৰিৰ ঘটনা সংঘটিত হয় ।

Advertisment

বঙাইগাঁও শোধনাগাৰৰ পৰা পেট্ৰ'লিয়াম ইন্ধন ভৰ্তি কৰি ওলাই অহা পঞ্জীয়ন নং NL 01 AC 1962 তেল টেংকাৰৰ পৰা ঢালিগাঁৱৰ বৈখুনগাঁৱত পাইপে দি তেল উলিয়াই থকাৰ সময়তে কাজলগাঁও থানাৰ তহলদাৰী আৰক্ষীৰ দল উপস্থিত হোৱাত তেল চুৰি চক্ৰৰ সদস্য সকলে পলায়ন কৰে ।

পিছত আৰক্ষীয়ে তিনিটা পাত্ৰত ৬৫ লিটাৰ পেট্ৰ'ল, তেল চুৰি কাৰ্য্যত ব্যৱহৃত এডাল পাইপ, পেট্ৰ'ল ভৰ্তি টেঙ্কাৰখন জব্দ কৰি কাজলগাঁও থানাত লৈ যায় ।

দিনৰ পোহৰতে এইদৰে টেংকাৰৰ পৰা তেল চুৰিকাণ্ড সংঘটিত কৰা চক্ৰটোৰ আঁৰত কোন চক্ৰ জড়িত এতিয়াও পোহৰলৈ অহা নাই যদিও কাজলগাঁও থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।