ঢেকীয়াজুলিৰ জামুগুৰি গাঁৱত গড়ৰ মুক্ত বিচৰণ

ঢেকীয়াজুলিৰ জামুগুৰি গাঁৱত গড়ৰ মুক্ত বিচৰণ

author-image
Asomiya Pratidin
New Update
ঢেকীয়াজুলিৰ জামুগুৰি গাঁৱত গড়ৰ মুক্ত বিচৰণ

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ জামুগুৰি গাঁৱত গড়ৰ মুক্ত বিচৰণ। বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড়টো উলাই আহিছে । বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই শিঙৰি বনাঞ্চলত প্ৰৱেশ কৰিছিল গড়টোৱে, আৰু বৃহস্পতিবাৰে বগৰিবাৰী হৈ গড়টো জামুগুৰি গাঁৱত সোমাইছে বুলি জনাইছে বন বিভাগৰ লোকে।

Advertisment

বৰ্তমানলৈকে খেতিপথাৰত শান্তিপূৰ্ণ ভাৱেই আছে খাদ্যৰ সন্ধানত ওলাই অহা গড়টো। ৰাইজৰ ক্ষয়-ক্ষতি যাতে নহয় তাৰ বাবে বন বিভাগৰ লোকে সম্পূৰ্ণ নিৰীক্ষণত ৰাখিছে গড়টো। সন্ধিয়াৰ ভাগত যিহেতু গড়ে আপোনা আপুনি বাট লয়, গতিকে সন্ধিয়াৰ ভাগতে সম্পূৰ্ণ নিৰীক্ষণৰ মাজেৰে গড়টো পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জনাইছে বন বিভাগৰ লোকে।

Also Read: কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

dhekiajuli