জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক জগনিধি শৰ্মাৰ মৃত্যুত শোক...

জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক জগনিধি শৰ্মাৰ মৃত্যুত শোক...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক জগনিধি শৰ্মাৰ মৃত্যুত শোক...

জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক জগনিধি শৰ্মাৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ চমাৰ দলনি গাঁও নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক জগনিধি শৰ্মাৰ আজি পুৱতি নিশা বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ।

Advertisment

চমাৰ দলনি অঞ্চলৰ প্ৰথমগৰাকী শিক্ষক জগনিধি শৰ্মাই জৰণাপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰি পিছত গোঁসাই চাপৰি প্ৰাথমিক বিদ্যালয়, পচপতিপাল প্ৰাথমিক বিদ্যালয়, চতিয়া মোক্তাব, ১ নং বটিয়াৰোকা প্ৰাথমিক বিদ্যালয়, গমিৰিপাল প্ৰাথমিক বিদ্যালয়কে ধৰি অন্যান্য বিদ্যালয়ত শিক্ষকতা কৰি ২০০৭ চনত পচপতিপাল প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁ অঞ্চলটোৰ চমাৰ দলনি উপ-ডাক ঘৰৰো প্ৰতিষ্ঠাপক পোষ্ট মাষ্টৰ আছিল। ইয়াৰোপৰি লখনগড় চমাৰ দলনি গাঁও উন্নয়ন সমিতি, শ্ৰী শ্ৰী অন্নপূৰ্ণা লক্ষী ভাণ্ডাৰ, শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ পৰিচালনা সমিতিৰ লগতে বহু কেইটা ধৰ্মীয়, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আছিল।

আজি তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ‌ লগে লগে বাসভৱন লোকে লোকাৰণ্য হৈ পৰে । বৃহত্তৰ চমাৰ দলনি অঞ্চল আটাইকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি বৰ্গই তেখেতৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেখেতে পত্নীৰ সৈতে দুগৰাকী পুত্ৰ, এগৰাকী কন্যা আৰু অগনণ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত সমগ্ৰ চমাৰ দলনি অঞ্চলত শোকৰ ছাঁ পৰিছে।

Also Read: সামৰণি পৰিল ABVP ৰ 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'...

জামুগুৰিহাট