সামৰণি পৰিল ABVP ৰ 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'...

সামৰণি পৰিল ABVP ৰ 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'...
সামৰণি পৰিল ABVP ৰ 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'...

ডিজিটেল ডেস্কঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতৃত্বত আৰু আন্তঃৰাজ্য ছাত্ৰ জীৱন দৰ্শন (এছ ই আই এল)ৰ উদ্যোগত আৰম্ভ কৰা হৈছিল 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ ১৬ টা গোটত মুঠ ৪৮২ জন প্ৰতিনিধিৰ সৈতে আৰম্ভ হোৱা এই যাত্ৰা ২০ ফেব্ৰুৱাৰী, সোমবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি এ মাছখোৱাত সামৰণি পৰে।

এই যাত্ৰা কালত ১৬ টা গোটেই দেশৰ মুঠ ৬৪ খন বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে। আজি যাত্ৰাৰ সামৰণি উপলক্ষে আই টি এ মাছখোৱাত সন্ধিয়া ঠিক ৬ বজাৰ পৰা আৰম্ভ কৰা হৈছে বিশেষ অনুষ্ঠান।

এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশিষ চৌহান আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।

সামৰণি পৰিল ABVP ৰ 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'...
পুটিনক প্ৰত্যাহ্বান জনাই যুদ্ধৰ মাজতে ইউক্ৰেইনত আমেৰিকাৰ ৰাষ্ট্ৰপতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in