/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3863f264-fbad-4e84-9d84-f5e9d45ea3f4/11.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মনাই জয়সিদ্ধিত এইবাৰ জাকজমকতাৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৰাসমহোৎসৱৰ ৷ অহা ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মনাই জয়সিদ্ধিবাসী ৰাইজে উদযাপন কৰিব ৫৬ সংখ্যক সাৰ্ব্বজনীন ৰাস মহোৎসৱ ৷
এই উদ্দেশ্যেৰে এতিয়া অন্তিম আখৰাত ব্যস্ত গঞা কন কন শিশুৰ পৰা আৰম্ভ কৰি যুৱক, যুৱতী, বয়োবৃদ্ধ সকল ৷ ২৬ নবেম্বৰৰ মহাৰাসত ৰাধাৰ চৰিত্ৰত অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে অভিনয় কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷ সম্প্ৰতি মনাই জয়সিদ্ধি নামঘৰস্থলী ৰাস উদযাপনৰ বাৱে সজায়-পৰাই তোলা দেখা গৈছে গাওঁবাসীয়ে ৷