বিশ্বনাথৰ চাহ বাগিছা অঞ্চলত ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছৰ ক’ত কি মিটিং হয় ৰঞ্জিত দত্তৰ ৱাটচ্ আপত ফটো আহি থাকে : ৰঞ্জিত দত্ত
বিশ্বনাথৰ চাহ বাগিছা অঞ্চলত ৰঞ্জিত দত্তৰ  নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ,বিহালীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ ৷ সমান্তৰালভাৱে শোণিতপুৰ সংসদীয় সমষ্টিতো শাসক-বিৰোধী উভয় দলৰ প্ৰাৰ্থীয়ে সুকীয়া-সুকীয়াকৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷

তাৰমাজতে দেওবাৰে শোণিতপুৰ সংসদীয় সমষ্টিৰ শাসকীয় দল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বিশ্বনাথৰ চাহ বাগিছা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই নিৰ্বাচনী প্ৰচাৰ চলাই কয়- কংগ্ৰেছত মোৰ স্পাই (গুপ্তচৰ) আছে ৷ বিৰোধীৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ লগত ৰঞ্জিত দত্তৰ মানুহ আছে ৷ কংগ্ৰেছৰ ক’ত কি মিটিং হয় ৰঞ্জিত দত্তৰ ৱাটচ্ আপত ফটো আহি থাকে বুলি মন্তব্য কৰে।

বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই কয় যে, বিৰোধী কংগ্ৰেছৰ মিটিংত মানুহ নহয় ৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ নিজৰ জন্ম গাৱত ১১ জন মানুহৰে মিটিং পাতিছে। বিজেপি প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে, গহপুৰত কংগ্ৰেছত যোগদান কৰা সকল বিজেপি কৰ্মী নহয় ৷ কংগ্ৰেছে বিজেপি কৰ্মী বুলি অপপ্ৰচাৰ চলোৱা বুলি মন্তব্য কৰে।

বিশ্বনাথৰ চাহ বাগিছা অঞ্চলত ৰঞ্জিত দত্তৰ  নিৰ্বাচনী প্ৰচাৰ
কল্যাণজ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস পালন : মুখপত্ৰ 'কল্যাণজ্যোতি'ৰ ষষ্ঠদশ সংখ্যা উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in