পদ্ম হাজৰিকাক লগত লৈ ৰঞ্জিত দত্তৰ আজি চাৰিখনকৈ নিৰ্বাচনী সভা...

নদুৱাৰ সমষ্টিৰ পৰা ১ লাখ ভোট দিয়াৰ প্ৰতিশ্ৰুতি
পদ্ম হাজৰিকাক লগত লৈ ৰঞ্জিত দত্তৰ আজি চাৰিখনকৈ নিৰ্বাচনী সভা...
পদ্ম হাজৰিকাক লগত লৈ ৰঞ্জিত দত্তৰ আজি চাৰিখনকৈ নিৰ্বাচনী সভা...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ নদুৱাৰ বিধানসভা (পূৰ্বৰ চতিয়া) সমষ্টিত আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ চাৰিখনকৈ দলীয় সাংগঠনিক সভা অনুষ্ঠিত হয়৷ জামুগুৰিহাটৰ ৰঙাচকুৱা, গমিৰিপাল আৰু চাৰিদুৱাৰ, চতিয়াত আনুষ্ঠিত সাংগঠনিক সভাসমূহত বিধায়ক পদ্ম হাজৰিকাই আদৰণি ভাষণ প্ৰসংগত নদুৱাৰ সমষ্টিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত এক লাখতকৈ অধিক ভোট বিজেপি প্ৰাৰ্থীগাৰকীৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালি কৰাৰ স্বাৰ্থত কাম কৰি যাবলৈ দলীয় কাৰ্য্যকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়৷ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই দলীয় কাৰ্য্যকৰ্তাসকলক সততা আৰু নিষ্ঠাৰে দলৰ কাম কৰি নদুৱাৰ (পূৰ্বৰ চতিয়া) সমষ্টিৰ বিধায়কগৰাকীৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰাকৈ কাম কৰি যাবলৈ আহৱান জনায়৷

পদ্ম হাজৰিকাক লগত লৈ ৰঞ্জিত দত্তৰ আজি চাৰিখনকৈ নিৰ্বাচনী সভা...
ইডি, ইনকাম টেক্সৰ অভিযানৰ পিছত কিয় ক্ৰয় কৰে বণ্ড? কোনে পাই এই চান্দা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in