ৰঙাপৰাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজঃ দুটা বছৰে অসম্পূৰ্ণ জল জীৱন মিছন আঁচনিৰ কাম

ৰঙাপৰাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজঃ দুটা বছৰে অসম্পূৰ্ণ জল জীৱন মিছন আঁচনিৰ কাম

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজঃ দুটা বছৰে অসম্পূৰ্ণ জল জীৱন মিছন আঁচনিৰ কাম

ডিজিটেল সংবাদ,ৰঙাপৰাঃ শোণিতপুৰৰ ৰঙাপৰাৰ অন্তৰ্গত কেইবাটাও স্থানত জল জীৱন আঁচনিখন ধোঁৱাচাঙত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ জল জীৱন মিছন আঁচনিৰ নিৰ্মাণ কাৰ্য্য আজিও সম্পূর্ণ নোহোৱাৰ লগতে একাংশ আঁচনিৰ পৰা ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১ নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত ২০২১-২২ বৰ্ষত ৰঙাপৰাৰ নাহৰনি গ্ৰান্টৰ গাঁৱত এখন পানী যোগান আঁচনি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। উক্ত পানী যোগান আঁচনিখন ডি কুমাৰ আৰু কোম্পানীয়ে ১ কোটি ৩০ লাখ ৪৫ হাজাৰ ৯৫ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল।

প্ৰকল্পটোৰ জৰিয়তে নাহৰনি গ্ৰান্টৰ ২৮০ টা পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব বুলি ফলকখনত স্পষ্ট ভাবে উল্লেখ আছে। কিন্তু অতি পৰিতাপৰ কথা যে বিগত দুটা বছৰে গাঁৱৰ ২৮০ টা পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে।

সম্প্রতি আঁচনিখন ধোঁৱা চাঙত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইছে। গাঁওবাসীয়ে পূৰ্বৰ দৰে কুঁৱাৰ পৰা লেতেৰা, আইৰন যুক্ত পানী সেৱন কৰিবলগীয়া হৈছে।

উল্লেখ্য যে, ডি কুমাৰ আৰু কোম্পানী নামৰ নিৰ্মাণকাৰী প্রতিষ্ঠানটোৱে ৰঙাপৰা অঞ্চলত কেইবাখনো জল জীৱন আঁচনিৰ প্রকল্প নির্মাণ কৰিছে। কিন্তু উক্ত প্রতিষ্ঠানটোৱে নিৰ্মাণ কৰা একাংশ পানী যোগান আঁচনিৰ পৰা আজিও ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ উঠিছে।

Also Read: আবকাৰী বিভাগৰ অভিযান : চামগুৰিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

clean drinking water Rangapara