আবকাৰী বিভাগৰ অভিযান : চামগুৰিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

আবকাৰী বিভাগৰ অভিযান : চামগুৰিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

author-image
Asomiya Pratidin
New Update
আবকাৰী বিভাগৰ অভিযান : চামগুৰিত  বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

ডিজিটেল সংবাদ,চামগুৰি : বৃহস্পতিবাৰে নিশা চামগুৰি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু চামগুৰি আৰক্ষীয়ে যুটীয়া অভিযান চলায়। অভিযানত চামগুৰিৰ শিঙিয়া-কেঁকোৰাচুকৰ এজন লোকৰ ঘৰত বে-আইনীভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দীৰ্ঘদিন ধৰি ৰঞ্জন বৰা নামৰ লোকজনে বহিঃৰাজ্যৰ অসাধু চক্ৰৰ সৈতে অবৈধভাৱে সুৰা সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে অভিযান কালত ঘৰত উপস্থিত নাছিল অভিযুক্ত ৰঞ্জন বৰা। অভিযুক্ত ৰঞ্জন বৰা সম্প্ৰতি কৰ্মৰত হৈ আছে "সীমা সুৰক্ষা বাহিনী"ত।

Also Read: ধলাইত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ : মহিলাসহ ৩মিজো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Excise department of Assam samguri Assam police