ৰঙাপৰাৰ ব্যৱসায়ী চাৱাৰমল পাৰিক স্ব-গৃহত উপস্থিত

ৰঙাপৰাৰ ব্যৱসায়ী চাৱাৰমল পাৰিক স্ব-গৃহত উপস্থিত

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাৰ ব্যৱসায়ী চাৱাৰমল পাৰিক স্ব-গৃহত উপস্থিত

ডিজিটেল সংবাদ,জামুগুৰিহাট : অৱশেষত সোঁ শৰীৰৰে নিজৰ বাসগৃহত উপস্থিত হ'ল বিগত পাঁচদিন ধৰি সন্ধানহীন হৈ থকা ৰঙাপৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী চাৱাৰমল পাৰিক। ৰঙাপৰাৰ ত্ৰিমূৰ্তি ভাণ্ডাৰ নামৰ দোকানখনৰ স্বত্বাধিকাৰী চাৱাৰমল পাৰিক যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল।

Advertisment

জানিব পৰা মতে নুমলীগড়ৰ পৰা উদ্ধাৰ কৰা হয় ব্যৱসায়ীজনক ৷ ৰঙাপৰাৰ ব্যৱসায়ীজন হঠাৎ সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

ব্যক্তিজনে ঘৰুৱা কন্দলত অতিষ্ঠ হৈ খঙতে অতি গোপনে ঘৰখনৰ পৰা ওলাই গৈছিল বুলি জানিব পৰা গৈছে। চাৱাৰমল পাৰিক সোঁ শৰীৰৰে ঘৰলৈ উভতি অহাত পৰিয়ালৰ লোকে স্বস্তিৰ নিঃশ্বাস পেলায়।

Also Read: চিলাপথাৰৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৃষক মুক্তিৰ

jamugurihat