চিলাপথাৰৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৃষক মুক্তিৰ

চিলাপথাৰৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৃষক মুক্তিৰ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৃষক মুক্তিৰ

ডিজিটেল সংবাদ,চিলাপথাৰ : ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ আতিশয্যৰ বিৰুদ্ধে চলি আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে চিলাপথাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

Advertisment

সংগঠনটোৰ প্ৰায় ডেৰ শতাধিক কৰ্মীৰ লগতে ৰাইজে হাতে হাতে প্লে-কাৰ্ড বেনাৰ প'ষ্টাৰ লৈ গৰু বজাৰৰ পৰা পদযাত্ৰা কৰি আহি ঘেৰাও কৰে চিলাপথাৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়। অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শক্তি বিভাগৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে চিলাপথাৰৰ ৰাজপথ কপাঁইটোলে।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক যুদ্ধ। অৱশ্যে কিছু পৰৰ পাছতে বিভাগীয় কৰ্তৃপক্ষৰ অনুৰোধত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।

Also Read: গুৱাহাটীত আকৌ বাঢ়িল গাখীৰৰ মূল্য...

silapathar