জামুগুৰিহাটৰ হাটিঙাত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

জামুগুৰিহাটৰ হাটিঙাত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ হাটিঙাত ১৯৭২ চনৰ পৰা উদযাপন কৰি অহা সাৰ্বজনীন ৰাস মহোৎসৱে এই বেলি সোঁণালী জয়ন্তী বৰ্ষত ভৰি দিলে। এই উপলক্ষে অহা ২৬, ২৭ আৰু ২৮ নবেম্বেৰ তথা আঘোন মাহৰ পূৰ্ণিমাত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সোঁনালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।

প্ৰায় ১৬ শ দশকতে বৃটিছে উত্তৰ পূৰ্বাঞ্চলৰ হেলিপেদ নিৰ্মাণ কৰা উৰাকলপৰা পথাৰ তথা এসময়ৰ দৰং লোক সভা সমষ্টিৰ সাংসদ বিজয় চন্দ্ৰ ভাগৱতীৰ নামেৰে নামাংকিত বিজয় পথাৰত উদযাপন কৰিবলৈ লোৱা সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সোঁনালী জয়ন্তী বৰ্ষ উদযাপনক লৈ ৰাইজৰ মজত ব্যাপক উচাহ পৰিলক্ষিত হৈছে ৷

বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ বৃহৎ গাঁওখনৰ বিশিষ্ট সমাজ সেৱক ধনেশ্বৰ হাজৰিকাক সভাপতি, অৱসৰ প্ৰাপ্ত শিক্ষক ভবেন চন্দ্ৰ নাথক কাৰ্যকৰি সভাপতি আৰু আদিত্য বৰা, জিণ্টু শইকীয়াক যুটীয়া সম্পাদক হিচাবে লৈ গঠিত হাটিঙা সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সোঁনালী জয়ন্তী বৰ্ষৰ ১০০ জনীয়া শক্তিশালী উদযাপন কমিতিখনে দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

আনহাতে সোঁণালী জয়ন্তীৰ লগত সংগতি ৰাখি বৃহত্তৰ গাঁওখনৰ ইতিহাস প্ৰতিফলিত হ'ব পৰাকৈ সংবাদ সেৱী ৰাতুল হাজৰিকাৰ সম্পাদনাত এখনি স্মৰণিকাও প্ৰকাশ কৰিব বুলি জনাইছে উদযাপন কমিটিয়ে৷

জামুগুৰিহাটৰ হাটিঙাত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
তিনি শতাধিক মাটিৰ চাকিৰ পোহৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত জোনাকী মেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in