
ডিজিটেল সংবাদ বিশ্বনাথঃ সমগ্ৰ দেশ কঁপোৱা মণিপুৰৰ মহিলা যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথতো এতিয়া আৰম্ভ হৈছে প্ৰতিবাদ।আদিবাসী সংগ্ৰামৰ প্ৰতীক তথা বেলতলা কাণ্ডত নিৰ্যাতিতা লক্ষ্মী ওৰাঙৰ নেতৃত্বত বিশ্বনাথৰ জপৌ বাৰীত প্ৰতিবাদত নামিল লক্ষ্মী ওৰাঙৰ সৈতে তেওঁৰ সমৰ্থকসকল।
হাতে হাতে প্লে'কাৰ্ড কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান প্ৰদৰ্শন কৰি মণিপুৰ কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰে ।এয়া চৰম লজ্জাজনক কথা বুলি অভিহিত কৰি এগৰাকী মহিলাক বিৱস্ত্ৰ কৰি এনেদৰে ৰাজপথত সমদল কৰা কাৰ্যত জড়িতৰ কঠোৰ শাস্তিৰ দাবী তোলে লক্ষ্মী ওৰাঙে।
নাৰীক সুৰক্ষা দিব নোৱাৰা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলাৰ লগতে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে নেত্ৰীগৰাকীয়ে।উল্লেখ্য যে,২০০৭ চনৰ ২৪ নৱেম্বৰত আছাৰ আন্দোলনৰ কাৰ্যসূচীত ভাগ ল'বলৈ গৈ গুৱাহটিৰ মহানগৰৰ বেলতলাত নিৰ্যাতনৰ সন্মুখীন হ'ব লগা হৈছিল বিশ্বনাথৰ এই গৰাকীযুৱতী।
ৰাজপথত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ লজ্জা নিবাৰণৰ বাবে অসমৰ্থ হোৱা লক্ষ্মী ওৰাঙে মনিপুৰৰ ঘটনাৰ পিছতে মাতৃজাতিক সুৰক্ষা প্ৰদানত মনিপুৰৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ মূৰব্বীৰ ব্যৰ্থতাৰো তীব্ৰ ভাষাৰে সমলোচনা কৰে।