বিশ্বজিৎ‍ গোস্বামীৰ বাসগৃহত টকা গণি ভাগৰিল আৰক্ষী

বিশ্বজিৎ‍ গোস্বামীৰ বাসগৃহত টকা গণি ভাগৰিল আৰক্ষী

author-image
Asomiya Pratidin
New Update
বিশ্বজিৎ‍ গোস্বামীৰ বাসগৃহত টকা গণি ভাগৰিল আৰক্ষী

বিশ্বজিৎ‍ গোস্বামীৰ বাসগৃহত টকা গণি ভাগৰিল আৰক্ষী

ডিজিটেল ডেস্ক : প্ৰায়বোৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সভা-সমিতিত দুৰ্নীতি মুক্ত অসম গঢ়াৰ কথা উল্লেখ কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ সপোন দুৰ্নীতি মুক্ত অসম গঢ়াৰ। এই লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখিয়েই ৰাজ্যৰ চুকে-কোণে অৱ্যাহত আছে দুৰ্নীতি-নিবাৰক শাখাৰ দুৰ্নীতি বিৰোধী অভিযান।

Advertisment

এনেবোৰ পদক্ষেপৰ মাজতে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ‍ গোস্বামীৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে কৌটি কোটি টকা। শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে চলোৱা তালাচী অভিযানত বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ কৰা হৈছে টকা।

জানিব পৰা মতে ধুবুৰীস্থিত তেওঁৰ চৰকাৰী বাসগৃহত ১.৭৯ লাখ টকা উদ্ধাৰ কৰা হৈছে। ইয়াৰোপৰি বিষয়াগৰাকীৰ বঙাইগাঁৱৰ বাসগৃহত চলোৱা অভিযানত ২.৫ কোটি টকা উদ্ধাৰ কৰা হৈছে।

ইফালে বিশ্বজিৎ গোস্বামীৰ নিৰ্দেশত তথা উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত ৩০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰা সহকাৰী জিলা প্রকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক কৰা হৈছে। অবৈধ ধন আৰু উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি-নিবাৰক শাখাৰ দলে শুকুৰবাৰে চলোৱা প্ৰায় ১২ ঘণ্টীয়া জেৰাৰ অন্তত বহু কথাই পোহৰলৈ আহে।

আঁচনিৰ ধন মোকলাই দিবলগীয়া হ'লে বিশ্বজিতক দিব লাগে উক্ত আঁচনিৰ এটা অংশৰ ধন। ধন নাপালে কোনো নথি-পত্ৰতে চহী নকৰে বিষয়াগৰাকীয়ে। সেয়ে ধুবুৰী জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ ৭৫ লাখৰ এখন বিলত চহী কৰাৰ বাবে ধৃত বিশ্বজিতক দিবলগীয়া হৈছিল ৯ শতাংশ উৎকোচ।

অভিযুক্ত বিষয়াদ্বয় বিশ্বজিৎ আৰু মৃণাল কান্তি সৰকাৰৰ বাবে উক্ত ধনৰাশিয়েই কাল হ'ল। যাৰ বাবে দুৰ্নীতি-নিবাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰিবলগীয়া হ'ল দুয়োগৰাকী বিষয়া।

উল্লেখযোগ্য যে এইগৰাকী বিশ্বজিৎৰ বিৰুদ্ধে আছে একাধিক অভিযোগ। এই অভিযোগৰ ভিত্তিতেই দুৰ্নীতি-নিবাৰক শাখাই চলাইছিল তদন্ত অভিযান। অভিযানৰ অন্তত শনিবাৰে দুয়োগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰি ধুবুৰীৰ পৰা পোনে-পোনে গুৱাহাটী লৈ অনা হয়।

Also Read: এদিন খাবলৈ গৈছিল, এতিয়া চাবলৈ যাওঁক মণিপুৰ...

crime CM visilance