ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সুৰেন দাসক সম্বৰ্দ্ধনা

ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সুৰেন দাসক সম্বৰ্দ্ধনা

author-image
Asomiya Pratidin
New Update
ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সুৰেন দাসক সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ কুসুমটোলাৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত শনিবাৰে এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান ও গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷ শোণিতপুৰ জিলাৰ বৃহত্তৰ নদুৱাৰ অঞ্চলটোৰ বাৰেবৰণীয়া সংস্কৃতিৰে ভৰপুৰ জামুগুৰিহাটৰ এগৰাকী সুযোগ্য সন্তান তথা চতিয়া সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় খনৰ ১৯৬৩ চনৰ প্ৰতিষ্ঠা কালৰে পৰা ১৯৯৬ চনৰ অৱসৰৰ সময়লৈকে অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদত নিযুক্ত হৈ আছিল। বহুজন গুণী জ্ঞানী লোকৰ জীৱন গঢ়াত যথাৰ্থ ভূমিকা গ্ৰহণ কৰা সুৰেন দাস দেৱক আজি মহাবিদ্যালয়খনত ৰাজহুৱাভাৱে বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে৷

Advertisment

ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক ও প্ৰাক্তন অধ্যক্ষ গৰাকীৰ জীৱন আৰু কৰ্মৰাজী ভিত্তিত সম্পাদনাৰে প্ৰকাশিত দুখন গ্ৰন্থ উন্মোচন কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট শিক্ষাবিদ জনপ্ৰিয় বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা আৰু পাৰ্ল একাডেমিৰ সঞ্চালক ড°সুশীল গোস্বামীয়ে৷ গৌৰৱৰ কথা যে অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেন দাসে তেখেতৰ কৰ্মজীৱনৰ আৰম্ভ আৰু সমাপ্ত কৰা জামুগুৰিহাটৰ কুসুমটোলাৰ ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ এই বৰ্ষত হীৰকজয়ন্তী সমাৰোহ চলি থকাৰ পৰিপেক্ষিতত সম্বৰ্দ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি মহাবিদ্যালয় পৰিয়ালৰ সহযোগত মহাবিদ্যালয় খনৰ প্ৰাংগনতেই আয়োজন কৰা হয়৷

এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি জনাৰ্দ্দন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অজিত হাজৰিকাই । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মূখ্য আতিথিৰ আসন অলংকৃত কৰি নিজৰ শিক্ষাগুৰু প্ৰাক্তন অধ্যক্ষ গৰাকী সন্দৰ্ভত মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে৷ ৰাজহুৱা সম্বৰ্দ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা খনিৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি তত্বগধুৰ বক্তব্য প্ৰদান কৰে গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা প্ৰগতিশীল চিন্তবিদ ময়ুৰ বৰাই৷

Also Read: কেন্দুগুৰিত অনুষ্ঠিত এমাৰতে শ্বৰীয়াহ

jamugurihaat