/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/bd867892-ce0c-45d7-a88a-d2ad87b00c1a/3.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাওঁ জিলাৰ পশ্চিম কেন্দুগুৰি মাদ্ৰাছা মছজিদত অনুষ্ঠিত হোৱা এমাৰতে স্বৰয়ীয়াহ নদুৱাতুতামীৰ ৩দিনীয়া খানকাহৰ শনিবাৰে সামৰণি পৰে। উল্লেখ্য যে যোৱা পৱিত্ৰ ৰমজান মাহৰ এই খানক্বাহত জিলাখনৰ মুঠ ৪০টা আঞ্চলিকৰ পৰা সহস্ৰাধিক মুৰীদান ভক্তসকলে অংশগ্ৰহণ কৰে।
জিলা ভিত্তিত অনুষ্ঠিত হোৱা খানক্বাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ-পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত ও নদুৱাতুত্তামীৰৰ সভাপতি,পীৰে কামীল মৌলানা ইউছুফ আলী আৰু নাজিমে খানক্বাহ হিচাপে উপস্থিত থাকে হজৰত মৌলানা চৌধুৰী উছামা মবৰুৰ ।
নগাঁও জিলাৰ কেন্দুগুৰি খানক্বাহ পৰিচালনা অভ্যৰ্থনা সমিতিৰ সভাপতি জবান আলী, জিলা নদুৱাতুত্তামীৰৰ সভাপতি মৌলানা আনোৱাৰুল হক চৌধুৰী সাধাৰণ সম্পাদক আলহাজ চৈয়দ আলী, সম্পাদক মৌলানা মোস্তাফা কামালে উক্ত খানক্বাহত সহায় সহযোগিতা আগবঢ়োৱা সমূহ ধৰ্মপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।
Also Read: দৰং-ওদালগুৰিত ৩লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বিজেপিঃ দিলীপ শইকীয়া
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us