উপ নিৰ্বাচনলৈ সাজু শোণিতপুৰৰ পৰাজিত প্ৰাৰ্থী প্ৰেমলাল গঞ্জু

উপ নিৰ্বাচনলৈ সাজু শোণিতপুৰৰ পৰাজিত প্ৰাৰ্থী প্ৰেমলাল গঞ্জু

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনলৈ সাজু শোণিতপুৰৰ পৰাজিত প্ৰাৰ্থী প্ৰেমলাল গঞ্জু

ডিজিটেল সংবাদ,বিহালীঃ শোণিতপুৰত পৰাজিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে৷ ৰাইজৰ সিদ্ধান্তক সন্মান জনাইছো বুলি মন্তব্য কৰি প্ৰেমলাল গঞ্জুৱে কয় যে, কংগ্ৰেছৰ ক'ত ক'ত ভুল হ’ল, কিয় ভোট কমকৈ লাভ কৰিলো তাৰ পৰ্যালোচনা কৰা হ'ব।

Advertisment

নিৰ্বাচনৰ পিচত প্ৰেমলাল গঞ্জুক বিজেপিত যোগদান কৰাম বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰেমলাল গঞ্জুৱে কয় যে, আজিৰে পৰা মই কংগ্ৰেছ দলৰ ভেটি অধিক শক্তিশালী কৰাৰ বাবে কামত লাগিম ৷

বিজেপিত মই কোনো কালে যোগদান নকৰো ৷ অনাগত দিনত কংগ্ৰেছ দলৰ হৈ কাম কৰি যাম। বিহালীৰ উপ-নিৰ্বাচনৰ বাবে আজিৰে পৰা সাজু হ'লো আৰু দলে যাক টিকট দিয়ে তেওঁক লগত লৈ দলৰ হ'কে কাম কৰিম। অসমৰ ৰাইজে কংগ্ৰেছৰ ৩ গৰাকী সাংসদক নিৰ্বাচিত কৰিছে আৰু এটা কথা প্ৰমাণ হ'ল যে ২০২৬ চনত অসমত INDIA ৰ চৰকাৰ হ'ব বুলি মন্তব্য গঞ্জুৰ।

Also Read: লেখিকা-সমাজসেৱিকা ভৱানী শৰ্মাৰ স্মৃতি দিৱস উদযাপন

election update premlal ganju