/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/eb25f6a4-043a-4815-b606-9fe6cab44988/358.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত 'গুৱাহাটী আলোচনা চক্ৰ'ৰ ৮৩৩ সংখ্যক বৈঠকখন ৩জুনৰ দিনা অনুষ্ঠিত কৰা হয়। সুলেখিকা, সমাজসেৱিকা ভৱানী শৰ্মাৰ বিংশতিতম স্মৃতি দিৱস হিচাপে বৈঠকখন উদযাপন কৰা হয় বুলি উদ্যোক্তাই জনায়।
বৈঠকত সভাপতিত্ব কৰে স্থায়ী সভাপতি শ্ৰীকনক চন্দ্ৰ শৰ্মাই। মিতালী শৰ্মাৰ ভজনেৰে আৰম্ভ হোৱা সভাখনত ভৱানী শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী আলোচনা চক্ৰৰ অন্যতম সম্পাদক হৰেন শৰ্মাই। তাৰ পিছতেই স্মৃতি দিৱসৰ আহ্বায়ক তথা বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই গুৱাহাটী আলোচনা চক্ৰৰ লগত ভৱানী শৰ্মাৰ ১৯৯২ চনৰ পৰাই থকা ওতঃপ্ৰোত সম্পৰ্ক, তেখেতৰ সাহিত্য চৰ্চা আৰু সমাজ সেৱাৰ বিষয়ে সম্যক আভাষ দিয়ে।
অৱসৰী আয়ুক্ত সচিব অঞ্জন শৰ্মাই, ভৱানী শৰ্মাৰ শৈশৱ আৰু শিক্ষাকাল চিলঙত অতিবাহিত কৰা কথা উল্লেখ কৰে। লগতে ভবানী শৰ্মা বোৱাৰী হিচাপে গ্ৰাম্য জীৱনৰ লগত মিলি যোৱা, কলকাতা, গুৱাহাটী, ধুবুৰী , তেজপুৰ আদি ঠাইত বিভিন্ন সাহিত্য-সাংস্কৃতিক-মহিলা অনুষ্ঠানৰ সক্ৰিয় ভাৱে জড়িত হৈ থকা কথাও তেঁও বক্তব্যত উল্লেখ কৰে।
ইয়াৰোপৰি আয়ুক্ত অঞ্জন শৰ্মাই ভবানী শৰ্মা সন্দৰ্ভত কেতবোৰ কথা সভাত কয়। কেইবাটাও উৎকৃষ্ট মানদণ্ডৰ গল্প ৰচনা কৰা আদি ভৱানী শৰ্মাৰ বহুমুখী প্ৰতিভাৰ বিষয়েও আলোকপাত কৰে।
স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ২০০৮ চনৰ পৰাই (ক'ভিডৰ বাবে ২০২০ ও ২০২১ চন বাদ দি) অনুষ্ঠিত কৰি অহা স্মাৰক বক্তৃতা " অসমীয়া চুটি গল্পৰ শেহতীয়া ধাৰা আৰু বৈশিষ্ট্য " শীৰ্ষক বিষয়ত প্ৰদান কৰে যশস্বী গল্পকাৰ, চলচ্চিত্ৰ সমালোচক আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক শ্ৰীঅপূৰ্ব শৰ্মাই। তেখেতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ৰে পৰা সাম্প্ৰতিক কালৰ অসমীয়া গল্প সাহিত্যৰ অতিক্ৰম আৰু বিকাশৰ বিষয়ে বিতংকৈ কয়।
লগতে কেবাগৰাকী পুৰণি-নতুন লেখকৰ গল্পৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই নতুন প্ৰজন্মৰ গল্পকাৰ সকলক যথেষ্ট প্ৰতিভাশালী বুলি মন্তব্য কৰে। তেখেতে নতুন গল্প লেখকসকলক বিশ্ব সাহিত্যৰ শেহতীয়া ধাৰাৰ বিষয়ে অধ্যয়ন -সমৃদ্ধ হ'বলৈ আহ্বান জনায়।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকৰ আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি কমলা উজীৰ। মৃণালিনী দেৱী, সবিতা দেৱী, বেবী ভূঞা, মঞ্জু গৌতম আৰু জীৱনী ডেকাই বিভিন্ন কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোৱা বৈঠকৰ কাৰ্যবিৱৰণী পাঠ কৰে গুৱাহাটী আলোচনা চক্ৰৰ অন্যতম সম্পাদক দিলীপ বৰুৱাই ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us