২০ বছৰৰ অপেক্ষাৰ অন্তত দলীয় প্ৰাৰ্থীত্ব লাভ কৰিলে প্ৰেমলাল গঞ্জুৱে...

শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু
২০ বছৰৰ অপেক্ষাৰ অন্তত দলীয় প্ৰাৰ্থীত্ব লাভ কৰিলে প্ৰেমলাল গঞ্জুৱে...

ডিজিটেল সংবাদ বিশ্বনাথঃ অৱশেষত ২০ বছৰীয়া অপেক্ষাৰ অন্ত। যোৱা প্ৰায় ২০ টা বছৰ ধৰি কংগ্ৰেছৰ পৰা দলীয় টিকট বিচাৰি আহিছিল প্ৰেমলাল গঞ্জৱে। অৱশেষত ১২ মাৰ্চ, ২০২৪ ত আহিল সেই ভাল খবৰ।

২০২৪ লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে প্ৰেমলাল গঞ্জুক। এই খবৰ বিয়পি পৰাৰ লগে লগে যথেষ্ট উৎসাহিত হৈ পৰিছে প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ লগতে তেওঁৰ অনুগামীসকল।

দিল্লীত কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক শীৰ্ষ নেতৃত্বৰ লগতে দলটোৰ সকলো পৰ্যায়ৰ কৰ্মীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে গঞ্জুৱে। সমান্তৰালকৈ তেওঁ প্ৰথম প্ৰতিক্ৰিয়াত কয়, শোণিতপুৰ লোকসভা সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ'ব।

লগতে তেওঁ কয়, কংগ্ৰেছৰ নীতি আদৰ্শক বিশ্বাসত লৈ ১৬ লাখতকৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব কোন হ'ব শোণিতপুৰ লোকসভাৰ পৰবৰ্তী সাংসদ। ইফালে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশ্বনাথৰ এখন বিয়াত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ সৈতে একেলগে বহি থকা দেখিবলৈ পোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

২০ বছৰৰ অপেক্ষাৰ অন্তত দলীয় প্ৰাৰ্থীত্ব লাভ কৰিলে প্ৰেমলাল গঞ্জুৱে...
জাগীৰোড, লাহৰীঘাটত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in