জাগীৰোড, লাহৰীঘাটত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ

জাগীৰোডত ৩ খন আৰু লাহৰিঘাটত ১ খন বিদ্যালয় গৃহৰ আধাৰশিলা, অসম মালাৰ অধীনত প্ৰায় ২২ কিঃমিঃ দৈৰ্ঘ্যৰ পথ পুনঃনিৰ্মাণৰ ভূমিপূজন
জাগীৰোড, লাহৰীঘাটত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ
জাগীৰোড, লাহৰীঘাটত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল সংবাদ জাগীৰোডঃ অসম চৰকাৰৰ জল সম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি মৰিগাঁও জিলাৰ জাগীৰোড আৰু লাহৰীঘাট বিধানসভা সমষ্টি ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ অভিলাষী আঁচনিৰ অধীনত জাগীৰোড উচ্চতৰ মাধ্যমিক আৰু নখোলা মাধমিক বিদ্যালয়ৰ নতুন শৈক্ষিক গৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে।

দুয়োখন বিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৭ কোটিকৈ টকাৰ আৱণ্টন দিছে।ইয়াৰ পাছত মন্ত্ৰী হাজৰীকাই জাগীৰোড সমষ্টিৰে জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনত ৮ কোটি টকা ব্যয়সাপেক্ষ আন্তঃগাঁথনি উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰে।

এই দুয়োটা স্থানতে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, সমাজ এখন সুস্থিৰভাৱে উন্নয়নৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শিক্ষাৰ আটাইতকৈ বেছি প্ৰয়োজনীয়তা আছে। ইয়াৰ বাবে বিদ্যালয়সমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে এক অভিলাষী আঁচনিৰ অধীনত নতুনকৈ বিদালয় গৃহ নিৰ্মাণ তথা আন আন্তঃগাঁথনি উন্নয়নৰ বাবে কাম কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ক্ষেত্ৰত ড° শৰ্মা চৰকাৰে আন্তৰিকতাৰে কাম কৰিছে ।

পাছবেলা মন্ত্ৰী পীযুষ হাজৰীকাই জিলাখনৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাবন্ধা মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰি এখন সভা সম্বোধন কৰে। ইয়াৰ মাজতে মন্ত্ৰী পীযুষ হাজৰীকাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত এজাৰবাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহটিৰ আধাৰশিলাও স্থাপন কৰে। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগ (গৃহ) ৰ দ্বাৰা নিৰ্মাণ হ'বলগা প্ৰেক্ষাগৃহটিৰ নিৰ্মাণ মূল্য হৈছে ১.৫০ কোটি টকা।

মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বঘৰাত লোকনিৰ্মাণ বিভাগৰ মৰিগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ ২০২৩-২৪ বৰ্ষৰ অসম মালা আঁচনিৰ অধীনত বঘৰাৰ পৰা দ'মাল হৈ আহঁতগুৰিলৈ ২১.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ পুনঃ নিৰ্মাণ আৰু উন্নীতকৰণৰ ভূমি পূজন কাৰ্যসূচীতো অংশ লয়। ৭২ কোটি টকা ব্যয় সাপেক্ষে সম্পন্ন কৰিবলগা এই প্ৰকল্পই যোগাযোগ-যাতায়তৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

পথটিৰ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাখনত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে, যোগাযোগ, যাতায়ত, শিক্ষা, স্বাস্থ্যকে আদি কৰি সকলো ক্ষেত্ৰতে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে কাম কৰি জনসাধাৰণৰ কল্যাণ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰি আহিছে।

জাগীৰোড, লাহৰীঘাটত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ
ওদালগুৰিত আৰক্ষীৰ বেহু ফালি আছুৰ জোৰ সমদল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in