বিশ্বনাথত বিপিএফ দলক সমালোচনা প্ৰমোদ বড়োৰ

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত ল'ৰাবোৰে বন্দুক পেলাই কলম হাতত লৈছে। ইয়াতকৈ আৰু ভাল দিন কি লাগে। ল'ৰাৰ হাতত এতিয়া অস্ত্ৰ নাই। বড়ো ল'ৰাবোৰ জংঘলত নাই : অশোক সিংঘল

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত বিপিএফ দলক সমালোচনা প্ৰমোদ বড়োৰ

ডিজিটেল সংবাদ,বিহালী : ক্ৰমাৎ শোণিতপুৰ সংসদীয় সমষ্টিত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ দেশৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ দিন চমু চাপি অহাৰ লগে-লগে শাসক- বিৰোধী সকলো ৰাজনৈতিক দলে নিজাববীয়াকৈ সমষ্টিটোত তীব্ৰ প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

Advertisment

তাৰমাজতে শোণিতপুৰ সংসদীয় সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক জয়ী কৰাই নিবলৈ নিৰ্বাচনী ৰণত নামিছে ইউ পি পি এলৰ নেতা প্ৰমোদ বড়ো ৷ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এল দলৰ প্ৰধান প্ৰমোদ বড়োৱে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ কৰিবলৈ আহি বিশ্বনাথত বিপিএফ দলত তীব্ৰ সমালোচনা কৰে ৷

প্ৰমোদ বড়োৱে বিপিএফ দলক সমালোচনা কৰি কয় যে বিপিএফ দলে শোণিতপুৰত প্ৰাৰ্থী দি একো লাভ নাই ৷ ৰাইজ বিজেপিৰ উন্নয়নৰ লগত আছে। নৰেন্দ্ৰ মোডীৰ পক্ষত আছে ৷ বিপিএফ নেতা চন্দন ব্ৰহ্মই কাইলৈ ইউ পি পি এলত যোগদান কৰিব ৷ সেইকাৰণে তিনিদিন ধৰি হাগ্ৰামা মহিলাৰীৰ টোপনি নাই বুলি প্ৰমোদ বড়োৱে কয়।

উল্লেখ্য যে বৃহস্পতিবাৰে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ ভিমাজুলিত বড়ো ছাত্ৰ সন্থাই আয়োজন কৰা এক অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে ৷ শোণিতপুৰ বিশ্বনাথৰ কেইবাখনো গাওঁ বিটিআৰত অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি নিৰ্বাচনৰ পাছত প্ৰায় শতাধিক সংখ্যক গাঁও অন্তভুৰ্ক্ত হ'ব বুলি জনসভাত ভাষণ আগবঢ়ায় ৷

ভূমি পট্টা প্ৰদান কৰা কথা গুৰুত্ব সহকাৰে গ্ৰহন কৰা বুলি নেতাগৰাকীয়ে সদৰী কৰে ৷ তেঁও কয়- এতিয়া বড়ো ভূমিলৈ শান্তি ঘুৰি আহিছে। নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো বড়ো সশস্ত্ৰ সংগ্ৰামী মূলসুঁতিলৈ ঘুৰি আহিছে।

আগতে ভীমাজুলিলৈ মটৰ চাইকেল লৈ আহিছিলো আৰু এতিয়া গাড়ী লৈ আহিছো বুলি কৈ এনেকুৱা পৰিৱৰ্তনৰ বাবেই তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে।

ভিমাজুলিৰ বড়োলেণ্ড চেন্টাৰত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অশোক সিংহালে কয়- বড়ো বসতি প্ৰধান অঞ্চলৰ বুথ কেন্দ্ৰত দুটাকৈ ভোটিং মেচিন লাগিব ৷ কাৰণ বড়োভূমিত শান্তি প্ৰতিষ্ঠা কৰা বড়ো ৰাইজৰ নৰেন্দ্ৰ মোডীৰ প্ৰতি ইমানেই মৰম আৰু আশীৰ্বাদ আছে যে ৰাইজে এইবাৰ হিয়া উজাৰি ভোট দিব ৷

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত ল'ৰাবোৰে বন্দুক পেলাই কলম হাতত লৈছে। ইয়াতকৈ আৰু ভাল দিন কি লাগে। ল'ৰাৰ হাতত এতিয়া অস্ত্ৰ নাই। বড়ো ল'ৰাবোৰ জংঘলত নাই। ঘৰলৈ ঘুৰি আহিছে। মাকৰ ওচৰলৈ আহিছে। এতিয়া এই চৰকাৰৰ দিনত চাৰিওফালে শান্তি আহিছে বুলি মন্তব্য কৰে।

অনুষ্ঠানত বিজেপিৰ শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, এবচুৰ সভাপতি দীপেন বড়ো, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে আদি কৰি বড়ো সমাজৰ লোকসকল উপস্থিত থাকে।

Also Read: প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিটো মুহূৰ্ত দেশৰ উন্নয়নৰ বাবে চিন্তা কৰে : অনুৰাগ সিং ঠাকুৰ

bpf uppl bihali pramod boro biswanath election LOKSABHA 2024