প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিটো মুহূৰ্ত দেশৰ উন্নয়নৰ বাবে চিন্তা কৰে : অনুৰাগ সিং ঠাকুৰ

কংগ্ৰেছে সদায় ৰাইজক প্ৰতাৰণা কৰি আহিছে : অনুৰাগ সিং ঠাকুৰ

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিটো মুহূৰ্ত দেশৰ উন্নয়নৰ বাবে চিন্তা কৰে : অনুৰাগ সিং ঠাকুৰ

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এগৰাকী সৎ সেৱক। তেঁও জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ উন্নয়নৰ বাবেই চিন্তা কৰে। প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত দেশৰ জনসাধাৰণৰ বিশ্বাস আছে- এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা অনুৰাগ সিং ঠাকুৰৰ।

Advertisment

বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ গান্ধী চ'ক হামিৰপুৰত অনুষ্ঠিত বিজেপি এক ৰেলীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেইবা সহস্ৰাধিক দলীয় কৰ্মী তথা ৰাইজ উপস্থিত থকা এই ৰেলীত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, হিমাচলত বিজেপিৰ চাৰিওখন লোকসভা আসন থাকিব।

ইয়াৰোপৰি বিজেপিয়ে উপ-নিৰ্বাচনত ৬খন আসনতে জয়ী হ'ব। আনহাতে ৰাজ্যখনত দ্বৈত ইঞ্জিনযুক্ত চৰকাৰ গঠন কৰা হ'ব বুলি ঠাকুৰে মন্তব্য কৰে।

উক্ত সভাত মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয়- প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত দেশৰ জনসাধাৰণৰ এই বিশ্বাস আছে। তেওঁ দেশৰ এজন সৎ সেৱক। তেওঁ জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ উন্নয়নৰ বাবে অতিবাহিত কৰি আহিছে বুলি উল্লেখ কৰি মোডীৰ প্ৰশংসাত পঞ্চমুখ হোৱা পৰিলক্ষিত হয়।

ইফালে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ মিছা প্ৰতিশ্ৰুতিত ৰাইজ অসন্তুষ্ট। কংগ্ৰেছে সদায় ৰাইজক প্ৰতাৰণা কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Also Read: হাৰিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৬টা শিশু

Anurag Singh Thakur bjp LOKSABHA 2024 himachal pradesh congress