প্ৰকাশ প্ৰধানৰ কাষত থিয় দিছে যুৱ ব্যৱসায়ীঃ লাগে আপোনাৰো সহায়...

প্ৰকাশ প্ৰধানৰ কাষত থিয় দিছে যুৱ ব্যৱসায়ীঃ লাগে আপোনাৰো সহায়...

author-image
Asomiya Pratidin
New Update
প্ৰকাশ প্ৰধানৰ কাষত থিয় দিছে যুৱ ব্যৱসায়ীঃ লাগে আপোনাৰো সহায়...

প্ৰকাশ প্ৰধানৰ কাষত থিয় দিছে যুৱ ব্যৱসায়ীঃ লাগে আপোনাৰো সহায়...

ডিজিটেল সংবাদ ছয়দুৱাৰঃ হেলেমৰ যুৱ সমাজকৰ্মী তথা শুভম মেডিকেল ষ্ট'ৰৰ স্বস্তাধিকাৰী তপন ভড়ালীৰ মহানুভৱতা। গহপুৰৰ আমতলাৰ তেলৰচুঙা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র প্ৰকাশ প্ৰধানলৈ এযোৰ কাপোৰ আৰু দুই হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে তপন ভড়ালীয়ে। সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈ শিলচৰ চৰকাৰী দন্ত মহাবিদ্যালয়ত দন্ত চিকিৎসক পাঠ্যক্ৰমত নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে প্ৰকাশ প্ৰধানে।

Advertisment

দ্ৰৰিদ্ৰতাই জুমুৰি দি অহা শ্ৰমিক পিতৃ-মাতৃৰ সুযোগ্য সন্তান প্ৰকাশ প্ৰধানৰ আগন্তুক শৈক্ষিক যাত্ৰাৰ বাবে আৰ্থিক অনাটনৰ সন্মুখীন হোৱাৰ বিষয়ে অসমীয়া প্ৰতিদিনৰ ডিজিটেলত বাতৰি প্ৰকাশ পোৱাৰ পিছত যুৱ ব্যৱসায়ী তপন ভড়ালীয়ে আজি এনেদৰে সহায়ৰ হাত আগবঢ়াই ছাত্র প্ৰকাশ প্ৰধানৰ প্ৰতি।

আগলৈও এনেদৰে প্ৰকাশক সাধ্য অনুসৰি সহায় কৰি যাব বুলি উল্লেখ কৰে তপন ভড়ালীয়ে। তপন ভড়ালীৰ এই মহানুভৱতাক শলাগ লৈছে অঞ্চলবাসীয়ে।

Also Read: দৰিদ্ৰতাৰ বাবেই চিকিৎসক হোৱাৰ সুযোগ পায়ো হেৰুৱাব নেকি প্ৰকাশে? লাগে সকলোৰে সহায়...

গহপুৰ