দৰিদ্ৰতাৰ বাবেই চিকিৎসক হোৱাৰ সুযোগ পায়ো হেৰুৱাব নেকি প্ৰকাশে? লাগে সকলোৰে সহায়...

দৰিদ্ৰতাৰ বাবেই চিকিৎসক হোৱাৰ সুযোগ পায়ো হেৰুৱাব নেকি প্ৰকাশে? লাগে সকলোৰে সহায়...
দৰিদ্ৰতাৰ বাবেই চিকিৎসক হোৱাৰ সুযোগ পায়ো হেৰুৱাব নেকি প্ৰকাশে? লাগে সকলোৰে সহায়...

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ মহকুমাৰ আমতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলৰচুঙা গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়াল।বিভিন্ন ঘাট প্ৰতিঘাত,অভাৱ-অনাটনৰ মাজেৰে দিন-ৰাতি পাৰ কৰি অহা পৰিয়ালটোৰ মূল ব্যক্তি ভীম বাহাদুৰ প্ৰধানে দিন হাজিৰা ভিত্তিত গাড়ী চলোৱাৰ বিপৰীতে তেওঁৰ পত্নী ৰিংকু প্ৰধানে দৈনিক মজুৰীৰ বিনিময়ত গাঁওখনৰ ক্ষুদ্ৰ চাহ বাগিচাত কেঁচা চাহ পাত ছিঙি কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে অব্যাহত ৰাখিছে জীৱন ধাৰণৰ এখন যুদ্ধ।

জীয়াই থকাৰ তাগিদাত এক কষ্টকৰ জীৱন অতিবাহিত কৰি অহা এই দৰিদ্ৰ পৰিয়ালটোৰ মাজলৈ গভীৰ অভাৱ অনাটনৰ মাজত পুত্ৰৰ এক কৃতিত্বই বোৱাই আনিছে আনন্দৰ ধল।তেওঁলোকৰ পুত্ৰ প্ৰকাশ প্ৰধানে সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত মুঠ ৪২৪ নম্বৰ লাভ কৰাৰ পিছত শেহতীয়া কাউঞ্চেলিঙত অ'বিচি কোটাত শিলচৰ চৰকাৰী দন্ত মহাবিদ্যালয়ত দন্ত চিকিৎসকৰ পাঠ্যক্ৰমৰ বাবে নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে।

উল্লেখযোগ্য যে-নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰাৰ সময়ত বজাৰত শাক পাচলি বিক্ৰী কৰি পঢ়াৰ খৰছ যোগাৰ কৰা প্ৰকাশ প্ৰধানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২০ চনৰ ঘোষিত ফলাফলত ধোপাবৰৰ কল্যানী ইংলিছ স্কুলৰ পৰা ৮৮.৩৪ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংছন লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈছিল।কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে উক্ত ফলাফলৰ পিছত তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰিবলৈ চৰম আৰ্থিক অনাটনত ভূগিছিল।

সেই সময়ত গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াৰ এক আহ্বানৰ প্ৰতি সঁহাৰি জনাই ছাত্র জনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি গুৱাহাটীৰ যুৱ ব্যৱসায়ী ঋষিৰাজ বৰকটকীয়ে আগবঢ়াইছিল ২০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য। তদুপৰি অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাইও তেওঁৰ নামভৰ্ত্তিত সহায়ক হোৱাকৈ আগবঢ়াইছিল প্ৰয়োজনীয় সহায়।

কল্যানী ইংলিছ স্কুলৰ কৰ্তৃপক্ষ লক্ষণ প্ৰধানেও যথেষ্ট সহায় কৰিছিল প্ৰকাশক।পৰবৰ্তী সময়ত কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভৰ্ত্তি কৰি ২০২২ চনৰ ঘোষিত ফলাফলত তেওঁ ৭৩.৪ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। ইয়াৰ পিছত প্ৰকাশ প্ৰধানে দুটা বছৰ ঘৰতে অধ্যয়ন কৰি নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই।

কোনো ধৰণৰ কোছিং নোলোৱাকৈ কেৱল ইউটিউৱৰ পৰা তথ্য সংগ্ৰহ কৰি লাভ কৰা তথ্যৰ আধাৰত ব্যক্তিগত প্ৰচেষ্টাত অধ্যয়ন কৰি নীট পৰীক্ষাত অবতীৰ্ণ হোৱা প্ৰকাশ প্ৰধানে সদ্য ঘোষিত ফলাফলৰ পিছত হোৱা কাউঞ্চেলিঙত শিলচৰ দন্ত মহাবিদ্যালয়ত দন্ত চিকিৎসকৰ পাঠ্যক্ৰমৰ বাবে অধ্যায়ণ কৰাৰ সুযোগ লাভ কৰাৰ খবৰে দৰিদ্ৰ পৰিয়ালটোৰ মাজলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে যদিও পুনৰ আৰ্থিক অনাটনে দেখা দিছে পৰিয়ালটোৰ মাজত।

এইক্ষেত্ৰত প্ৰকাশ প্ৰধানে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে-প্ৰাৰম্ভিক পৰ্য্যায়ত তেওঁক প্ৰয়োজন হোৱা ৩৫ হাজাৰ টকাৰ ভিতৰত ৭ হাজাৰ মানহে জোগাৰ কৰিব পাৰিছে তেওঁৰ শ্ৰমিক পিতৃ-মাতৃয়ে।ইপিনে আজি এই সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা এই প্ৰতিবেদকে তেওঁৰ আৰ্থিক অনাটনৰ কৰুণ কাহিনী শুনি ৫ হাজাৰ টকা আগবঢ়াই কিঞ্চিত আৰ্থিক সকাহ দিয়ে প্ৰকাশ প্ৰধানক।

তদুপৰি গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াইয়ো প্ৰকাশলৈ আগবঢ়াই আৰ্থিক সাহাৰ্য্য। এইক্ষেত্ৰত প্ৰকাশ প্ৰধানে অতি দুখেৰে কয় যে- মূৰত টুকুৰী লৈ ৰ'দ বৰষুণৰ মাজত তেওঁৰ মাতৃয়ে পাত ছিঙাৰ কৰুণ দৃশ্য আৰু পিতৃয়ে কেতিয়াবা ২৪ ঘণ্টাই গাড়ী চলোৱাৰ কষ্টকৰ জীৱন কাহিনীৰ প্ৰতিটো মূহূৰ্তক চকুৰ আগত লৈ তেওঁ নীট পৰীক্ষাৰ বাবে নিজকে সাজু কৰিছিল।

প্ৰকাশ প্ৰধান এগৰাকী অভিজ্ঞতাসম্পন্ন দন্ত চিকিৎসক হৈ উজলি উঠক সেয়া আন্তৰিকতাৰে কামনা কৰিছে গাঁওবাসীয়ে। কোনো সদাশয় ব্যক্তিয়ে প্ৰকাশ প্ৰধানৰ আগন্তুক শৈক্ষিক যাত্ৰাত সহায় কৰিব বিচাৰিলে তেওঁৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাৰ একাউণ্ট নম্বৰ ৪২০৭৪৩৫৪৬৫৫,আই এফ এছ চি নম্বৰ SBIN0009140 নম্বৰৰ জৰিয়তে সহায় কৰিব পাৰে।প্ৰকাশ প্ৰধানৰ যোগাযোগ নম্বৰ-৮৮১১৮৪৪১৬৪।

দৰিদ্ৰতাৰ বাবেই চিকিৎসক হোৱাৰ সুযোগ পায়ো হেৰুৱাব নেকি প্ৰকাশে? লাগে সকলোৰে সহায়...
আৰম্ভ হ'ল উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবল প্ৰতিযোগীতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in