/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/51a09c34-a849-48dd-b3a5-fdebe682c5be/Jorhat.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ বুধবাৰৰ পৰা আৰম্ভ হয় উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবল নক আউট কাম লীগ প্ৰতিযোগিতা। ইতিমধ্যেই আৰম্ভ হোৱা প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেলখনত চেঙেলীআটি স্প'টচ ক্লাবে জয়লাভ কৰিছে। উত্তৰ-পশ্চিম যোৰহাটৰ বেলগুৰি জনজাতি হাইস্কুলৰ খেলপথাৰত চেঙেলীআটি স্প'টচ ক্লাব আৰু কাৰেং চাপৰি স্প'টচ ক্লাবৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখনত চেঙেলীআটি স্প'টচ ক্লাবে কাৰেং চাপৰি স্প'টচ ক্লাবক ৫-১ গলৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে।
উল্লেখ্য চেঙেলীআটি স্প'টচ ক্লাবৰ হৈ অংকুৰ খাউণ্ডে ২টা, মনজিৎ শইকীয়াই ২টা আৰু দীপক বৰাই ১টা গল দিয়াৰ বিপৰীতে কাৰেং চাপৰি ফুটবল ক্লাবৰ হৈ অৰ্জুন পেগুৱে একমাত্ৰ গল দিয়ে। এই খেলখন পৰিচালনা কৰে ত্ৰিনুজ বৰাই আৰু লাইনত সহায় কৰে বিমান বৰগোহাঁই আৰু অনিল শইকীয়াই। প্ৰতিযোগিতাখন উদ্বোধনৰ প্ৰাকমুহূৰ্তত দুই দলৰ খেলুৱৈসকলৰ লগত উত্তৰ-পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ উপ-সভাপতি তথা উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰাই চিনাকি খেলখন শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/abfb2c93-e68e-4e38-bd3a-3d5980f8f72f/d1116117_ca08_4f07_b923_704eb4602ecc.jpg)
লগতে উদ্বোধনী অনুষ্ঠানত উত্তৰ-পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সভাপতি বিপুল দুৱৰা, সাধাৰণ সম্পাদক সৌৰভপ্ৰাণ বৰা, ফুটবল শাখাৰ সভাপতি দিলীপ শৰ্মা, খেল পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল পেগু, সম্পাদক উপেন্দ্ৰজিৎ সন্দিকৈ, কাৰেং চাপৰিৰ গাওঁ প্ৰধান লীলাৰাম পেগুৰ উপৰিও কেইবাজনো ক্ৰীড়া সংগঠক উপস্থিত থাকে। উল্লেখ্য বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী খেলখনত মুখামুখি হ'ব ওপৰদেউৰী ক্লাব আৰু কলবাৰী ক্লাবৰ মাজত।
Also Read: যৌন ক্ষুদ্ধা নিবাৰণৰ বাবে শিশুক ব্যৱহাৰ কৰিছিল সংগীতা দত্ত, ৱালিউল ইছলামে...