শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথৰ বিয়োগত শোক...

শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথৰ বিয়োগত শোক...
শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথৰ বিয়োগত শোক...

ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজসেৱক প্ৰদীপ কুমাৰ নাথে আজি শেষ নিশ্বাস ত্যাগ কৰে। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ পৰা আঁতৰত অৱস্থান কৰি নিজ বাসগৃহতেই সময় অতিবাহিত কৰা প্ৰদীন কুমাৰ নাথ আছিল শোণিতপুৰ জিলাৰ প্ৰায় শতাধিক অনুষ্ঠান, প্ৰতিষ্ঠানৰে জড়িত।

ঢেকিয়াজুলিৰ নিৱাসী প্ৰদীপ কুমাৰ নাথ আছিল অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক। সৰ্বজন প্ৰিয় এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত শোণিতপুৰ জিলাৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰয়াত প্ৰদীপ কুমাৰ নাথে শিক্ষকতাৰ সমান্তৰালকৈ সাহিত্যৰ চৰ্চা আৰু সংগঠক হিচাপে অতি নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। সাহিত্য, সংস্কৃতি, সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানক সকলোৱে একে মুখে স্বীকাৰ কৰিছে।

শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথৰ বিয়োগত শোক...
সাৱধান বাণী দি ভাগৰিছে DGP ! আঠু কঢ়াই আৰক্ষী বিষয়াক যুৱতীয়ে দিলে চৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in