জামুগুৰিহাটত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পী...

জামুগুৰিহাটত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পী...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পী...

ডিজিটেল সংবাদ,জামুগুৰিহাট : বিশ্বকৰ্মা পূজা সমাগত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বিশ্বকৰ্মা পূজা উপলক্ষ্যে মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণৰ কামত।

Advertisment

দহোবন কাটি কৰি এতিয়া দিনে-নিশাই বিশ্বখনিকৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎ শিল্পীসকল। ইয়াৰ মাজতে জামুগুৰিহাটৰ টুপিয়া‌ৰ মা দূৰ্গা শিল্পালয়ৰ মৃতশিল্পীগৰাকীয়ে বিশ্বকৰ্মা পূজা উপলক্ষ্যে ৯৫ ৰো অধিক বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মান কৰি উলিয়াইছে।

বৰ্তমান গ্ৰাহকৰ বাবে অপেক্ষাৰত মৃত শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা বিশ্বকৰ্মা মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

Also Read: Arvind Kejriwal: মুকলি আকাশৰ তললৈ কেজৰিৱালঃ হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ...

jamugurihat