বিশ্বনাথ জিলা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পিযুষ হাজৰীকা

বিশ্বনাথ জিলা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পিযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ জিলা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পিযুষ হাজৰীকা

ডিজিটেল সংবাদ, বিশ্বনাথঃ অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰীকাই দেওবাৰে বিশ্বনাথ জিলাৰ শুভ উদ্বোধন আৰু 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃত অনুষ্ঠিত এই কাৰ্যসূচীৰ লগতে 'অমৃত বৃক্ষ অভিযান'ৰো বিশ্বনাথত শুভাৰম্ভ কৰি এটি গছ পুলি ৰোপন কৰে মন্ত্ৰী পিযুষ হাজৰীকায়।

Advertisment

আনহাতে নিজৰ ভাষন প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, খিলঞ্জীয়াৰ স্বাৰ্থতহে বিশ্বনাথক জিলা মৰ্যাদাৰ পৰা সাময়িক ভাৱে কৰ্তন কৰা হৈছিল। তাক লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ একাংশ সংগঠনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। তেওঁলোকে খিলঞ্জীয়াৰ পক্ষত নহয়,অবৈধ বাংলাদেশী মূলৰ স্বাৰ্থতহে মাত মাতে।

পূৰ্বতে অসমত খিলঞ্জীয়াৰ আসন ৭০ খন মান আছিল। কিন্তু সমষ্টিৰ পুন-নিৰ্ধাৰণৰ পিছত এতিয়া পূৰ্বতকৈ প্ৰায় ৩০খন খিলঞ্জীয়াৰ আসন বৃদ্ধি হৈছে।খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈছে। এতিয়া খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ পিছত পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিশ্বনাথক পুনৰ জিলাৰ মৰ্যাদা উভতাই দিলে বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, দেওবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব অভিলেখ গঢ়াৰ অমৃত বৃক্ষ কাৰ্যসূচী। দেওবাৰৰ এই অনুষ্ঠানত বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিধায়কসকল উপস্থিত থাকে।

Also Read: নৱ গঠিত তামুলপুৰ জিলাৰ আনুষ্ঠানিক মুকলি

biswanatha piyush hazarika