নৱ গঠিত তামুলপুৰ জিলাৰ আনুষ্ঠানিক মুকলি

নৱ গঠিত তামুলপুৰ জিলাৰ আনুষ্ঠানিক মুকলি

author-image
Asomiya Pratidin
New Update
নৱ গঠিত তামুলপুৰ জিলাৰ আনুষ্ঠানিক মুকলি

ডিজিটেল সংবাদ, তামুলপুৰঃ মুখ্যমন্ত্ৰীয়ে তামুলপুৰক পুনৰ জিলা হিচাবে ঘোষণা কৰাৰ পিছত দেওবাৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে জিলা ঘোষণাৰ এক শুভ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

Advertisment

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি দেওবাৰে অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই উপস্থিত হৈ তামুলপুৰ জিলাৰ আনুষ্ঠানিকতাৰ কথা মুকলি কৰি জিলা খনক আগুৱাই নিয়াৰ বাবে সকলো ৰাইজক আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ সু - দৃষ্টিত তামুলপুৰ জিলাত এতিয়া উন্নয়ৰ ঢল বব বুলি উল্লেখ কৰি তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে তামুলপুৰক এখন প্ৰগতিশীল জিলা হিচাপে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহনৰ ঘোষণা মন্ত্ৰী ব্ৰহ্মৰ।

নতুন জিলাৰ আয়ুক্ত হিচাবে দেওবাৰে পুনৰ যোগদান কৰে বিদ্যুৎ বিকাশ ভাগৱতীয়ে।তামুলপুৰ জিলা গঠনক লৈ মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তামুলপুৰবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে অভিভাৱক মন্ত্ৰী ইউোজি ব্ৰহ্ম আৰু বিধায়ক জলেন দৈমাৰীয়ে ৷

অনুষ্ঠানত তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ, তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীসহ বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, পাৰিষদীয় সদস্য পবিত্ৰ কুমাৰ বড়ো, হেমন্ত কুমাৰ ৰাভাৰ লগতে বহু দল - সংগঠন, জেষ্ঠ্য নাগৰিক, জিলা খনৰ বিভাগীয় বিষয়া সকল আৰু স্থানীয় ৰাইজ অংশগ্ৰহণ কৰে।

আৰম্ভণি অনুষ্ঠানৰ পূৰ্বে আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী তথা স্থানীয় বিধায়ক, আৰক্ষী অধীক্ষকৰ সৈতে অমৃত বৃক্ষৰ গছপুলি ৰোপন কৰে অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই।

Also Read: ম্যানমাৰৰ শ্বিন প্ৰতিৰোধ বাহিনীৰ শিবিৰত জোমি সশস্ত্ৰ গোটৰ অভিযান

UG BRAHMA tamulpur