পল্লৱী গোস্বামী মহন্তক নটৰাজ নৃত্য কলা নিকেতন আৰু বিশ্বনাথ প্ৰেছ ক্লাৱৰ ৰাজহুৱা সম্বৰ্ধনা...

পল্লৱী গোস্বামী মহন্তক নটৰাজ নৃত্য কলা নিকেতন আৰু বিশ্বনাথ প্ৰেছ ক্লাৱৰ ৰাজহুৱা সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
পল্লৱী গোস্বামী মহন্তক নটৰাজ নৃত্য কলা নিকেতন আৰু বিশ্বনাথ প্ৰেছ ক্লাৱৰ ৰাজহুৱা সম্বৰ্ধনা...

পল্লৱী গোস্বামী মহন্তক নটৰাজ নৃত্য কলা নিকেতন আৰু বিশ্বনাথ প্ৰেছ ক্লাৱৰ ৰাজহুৱা সম্বৰ্ধনা...

ডিজিটেল সংবাদ ছয়দুৱাৰ: মহাপুৰুষীয়া সংস্কৃতিৰ পৰিত্ৰ ধাৰাৰ অন্যতম বাহক সত্ৰীয়া নৃত্যৰ পদ্ধতিগত প্রশিক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যোৱা ১৫ বছৰ ধৰি নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে কাম কৰি অহা বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ সংস্কৃতিবান মহিলা তথা কোচগাঁৱৰ "নটৰাজ নৃত্য কলা নিকেতন"ৰ অধ্যক্ষা পল্লৱ গোস্বামী মহন্তৰ সত্ৰীয়া সংস্কৃতিত থকা অগাধ দখলৰ কাৰণে তেওঁ "সত্ৰীয়া সংস্কৃতিৰ সাধক-২০২৩'' আৰু "কলা ৰত্ন এৱাৰ্ড-২০২৩'' সন্মান লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁক নটৰাজ নৃত্য কলা নিকেতনৰ পৰিয়ালবৰ্গ,বিশ্বনাথ প্ৰেছ ক্লাৱ আৰু তেওঁৰ শুভাকাংখী সকলে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

Advertisment

সেই উপলক্ষে বিশ্বনাথ চাৰিআলিৰ আৰ্শীবাদ ভৱনত অনুষ্ঠিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত পল্লৱী গোস্বামী মহন্তক ফুলাম গামোচা, শৰাই,জাপি, এটা শব্দ যন্ত্ৰ আৰু এখন শুভেচ্ছামূলক ফটোৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি পল্লৱী গোস্বামী মহন্তই লাভ কৰা উক্ত সন্মানৰ বাবে উপস্থিতসকলোৱে গৌৰৱবোধ কৰে।

স্থানীয় জে.জে.আৰ জুনিয়ৰ কলেজৰ অধ্যক্ষা ড০ নিলাক্ষী শইকীয়াই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থকা বিভিন্নজন লোকে ভাষণ প্ৰদান কৰি সত্ৰীয়া সংস্কৃতিৰ পবিত্ৰ ধাৰাক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত পল্লৱী গোস্বামী মহন্তই সুদীৰ্ঘ ১৫ বছৰে গ্ৰহণ কৰি অহা আন্তৰিক পদক্ষেপক শলাগ লৈ তেওঁৰ এই সাংস্কৃতিক যাত্ৰা আৰু মধুময় হোৱাৰ আশা প্ৰকাশ কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত পল্লৱী গোস্বামী মহন্তই ৰাইজে তেওঁৰ প্ৰতি দেখুওৱা আন্তৰিক মৰম আৰু আস্থা বিশ্বাসে তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰা বুলি উল্লেখ কৰে।অনুষ্ঠানটোত উপস্থিত থাকি বিশ্বনাথ প্ৰেছ ক্লাৱৰ হৈ নিৰঞ্জন হাজৰিকা, ৰতন ভূঞা, আমিৰ খান, জগতাৰ সিং আৰু ইকুমণি শইকীয়াই তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

নটৰাজ নৃত্য কলা নিকেতনৰ প্ৰশিক্ষাৰ্থী,অভিভাৱক-অভিভাৱিকা আৰু বিশ্বনাথ প্ৰেছ ক্লাৱৰ সাংবাদিকসকল উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানটোৰ শেষত সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শলাই আগবঢ়াই পল্লৱী গোস্বামী মহন্তৰ স্বামী মণ্টু মণি মহন্তই।

Also Read: গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা...

বিশ্বনাথ